স্বস্তিকা- কোনো ভাল কামৰ আৰম্ভণি




মৃদুল কুমাৰ শৰ্মাৰ ব্লগ

আহক আপোনাক হত্যা কৰো

 

আপোনাৰ অহমিকাৰ শেষ নাই

বসন্তত সকলোৰে হৃদয়ত পলাশ ফুলিল এজাৰ ফুলিল

কোনো স্বপ্নাতুৰৰ হৃদয়ত এজাৰে বেজাৰ আনিলে

পিছে আপোনাৰ হৃদয়ত হেনো মদাৰৰ ফুলে সুগন্ধি বিলালে৷

হাঁহিছিল আপুনি

প্ৰেম হেনো উন্মাদ বালকৰ হৃদয়ৰ

বিষণ্ণ প্ৰত্যয়

হাঁহিছিল আপুনি

প্ৰেম হেনো অভিসাৰিকা নাৰীৰ

চেনেহৰ কুটিলতা

প্ৰেম হেনো

কাপুৰুষৰ আত্ম-সন্তুষ্টি৷

গোপন সূত্ৰে গম পোৱা মতে ফ্ৰয়েডেও হেনো কান্দিছিল

আপোনাৰ দৰ্শন ত্বত্ত্ব শুনি৷

পল্টনবজাৰৰ ৰেল ষ্টেচনৰ ছিন্নবস্ত্ৰা ভিখাৰীণীৰ জীয়েকক

দেখি হেনো আপোনাৰ হৃদয়েও উচুপি উঠিছিল

পিছে শুনামতে আপোনাৰ হৃদয়ৰ উচুপনিয়ে হেনো

আপোনাৰ পকেট গলাব নোৱাৰিলে৷

আপোনাৰ অহমিকাই হেনো আপোনাক ৰূধিছিল

দুটি টকা দলিয়াই দিবলৈ আৰু ক’বলৈ,

যা কিবা কিনি খাগৈ

আপোনাৰ অহমিকাই হেনো

সকলোৱে শুনাকৈ ফুচফুচাইছিল,

ভিক্ষা কৰি খোৱাতকৈ মৰি নেযাৱ কিয়৷

সেয়ে ভাবিছো আপোনাক হত্যাকে নকৰো কিয়

হৃদয়তো আপোনাৰ মৃত

আহক আজি আপোনাক হত্যা কৰো৷

০৮.০৫.১৩

মতামতসমূহঃ

comments powered by Disqus

যোগাযোগ

ফেচবুক গোট:
Write Assamese on Mac
                 

ই-মেইল:  feedback@mridulkumar.com