স্বস্তিকা- কোনো ভাল কামৰ আৰম্ভণি




মৃদুল কুমাৰ শৰ্মাৰ ব্লগ

বিশ্বনাথ চাৰিআলিত এদিন

 

সেইখন শৰ্মা হোটেল নে কলিতা হোটেল নে চিকাৰীয়া হোটেল

মনত নৰ’ল

মাথোঁ মনত ৰাখিলো বিশ্বনাথ চাৰিআলিৰ পুলিচ পইণ্ট পাৰ হৈ

দুখোজমান গৈয়ে এখন হোটেল পাব৷

ৰ’ব, তাত বহিয়ে ধামকৈ শব্দ এটা কৰি অৰ্ডাৰ নিদিবচোন....

ঐ স্পেচিয়েল চাহ দে (চেনি কমকৈ দিবি), ৰাবৰী দে দুই প্লেট, একদম ফ্ৰেচ

পোৱালি, ৰাতিৰ বাহী বস্তু নিদিবি দেই, তোৰ কলিজা চোবাই ল’ম৷

পোৱালিৰো চকচকীয়া মুখ, কণ্ঠও সাহসী

চাৰ, আপোনাৰো কি ডায়েবেটিচ আছে নেকি?

পিছে চেনি নিদিয়া চাহ আৰু মিঠা ৰাৱৰী যে ব্যতিহাৰ বহুব্ৰীহি৷

খঙাল আপোনাক আপোনাৰ বন্ধুৱে সম্বৰণ কৰিলে-

যাব দিয়া, সৰু ল’ৰা৷

নহয় ৰ’বা, ই বিহৰ গুটি

নেৰিছো সুদাই ইয়াক আজি

মনত পৰিছে মোৰ ল’ৰালি৷

পোৱালিক সুধিলে আপুনি-

ঐ,সন্ধি আৰু সমাসৰ পাৰ্থক্য ক’ব পাৰিবা?১০ টকা দিম

অজানিতে আপোনাৰ মুখৰ সৰ্বনামবোৰ সলনি হৈ গ’ল

তই গৈ তুমি হ’ল৷

আপুনি বাৰু সন্মান দিবলৈ শিকিলে নেকি?নে আপোনাৰ অহংকাৰৰ পতন ঘটিল?

চাৰ, দহ টকাত জিকা এক কেজিও নাপায়, অৱশ্য ৰজনীগন্ধা এপেকেট পাব

পঞ্চাশ টকা দিম!!

উত্তেজিত আপুনি, যেন নীলামৰ দৰ কৰিছে

কোৱা মোক পাৰ্থক্য, সন্ধি কিয় সমাস নহয়

পোৱালি যেন মহাভাৰতৰ শ্ৰীকৃষ্ণ

স্থিতপ্ৰজ্ঞ, অবিচলিত

মুখত মিচিকিয়া হাঁহি

এশ টকা লোৱা!!!

চাৰ, মোক যে তইৰ পৰা তুমিলৈ প্ৰমোচন দিলে

হৈ গ’ল আপোনাৰে মোৰে সন্ধি

এয়া লওক স্পেচিয়েল চাহ আৰু আপোনাৰ ৰাৱৰী

সমাস জানিবলৈ আহিব এদিন নিৰিবিলি আবেলি৷

২৭.০৬.১৩

মতামতসমূহঃ

comments powered by Disqus