স্বস্তিকা- কোনো ভাল কামৰ আৰম্ভণি




মৃদুল কুমাৰ শৰ্মাৰ ব্লগ

চৰ্দি পানীলগাৰ যম~ শৰ্মাজ চিকেন ষ্ট্যু

 

যোগাৰ : কেইটুকুৰামান স্থানীয় কুকুৰাৰ সৰুকৈ কটা মাংস, ফ্ৰেন্সবীন চাৰিটা, বিলাহী এটা, কেঁচা জলকীয়া পাঁচ ছটামান, নহৰু চাৰিফোট, আদাৰ মধ্যম আকৃতিৰ টুকুৰা এটা, জালুক পোন্ধৰটামান, ধনীয়াপাত।

প্ৰস্তুতি : মাংসখিনি ধুই লওক৷ জালুকখিনিও ধুই খুন্দি বেলেগে থওক। নহৰু কেইটা মিহিকৈ বটি লওক, বা পটাত পিচি লবও পাৰে। আদাখিনি নবটি এখন ৰোকনাৰে ৰুকি লওক। আদা আৰু নহৰু বেলেগে ৰাখিব। ফ্ৰেন্সবীনকেইটা মধ্যমীয়া জোখত কাটি লওক৷ বিলাহীটো আঠটুকুৰা কৰি লওক৷ বিলাহীটোৰ গুটিবিলাক পেলাই দিব দেই৷

ৰন্ধন : প্ৰেচাৰ কুকাৰ এটাত আধামানলৈ পানী ভৰাই ভালদৰে গৰম হ’বলৈ দিয়ক৷ পানী উতলিবলৈ আৰম্ভ কৰিলে মাংসখিনি আৰু নহৰুখিনি দি দিয়ক৷ কুকাৰৰ ঢাকনিখন কুকাৰৰ ওপৰত দি ভাপ ওলাই যাব পৰাকৈ অলপ ফাঁক কৰি ৰাখক৷ কিছুদেৰিৰ পিছত যেতিয়া পানী কিছুপৰিমাণে শুহি যাব, আদা, বিলাহী, ফ্ৰেন্সবীন আৰু কেঁচা জলকীয়াকেইটা দি দিয়ক৷ জলকীয়াকেইটা মাজেৰে ফালি দিবলৈ নেপাহৰিব৷ ঢাকনিখন আগৰদৰেই দি থওক৷

পানী যেতিয়া শুহি শুহি আধামানলৈ আহিব জালুকখিনি দি দিয়ক৷ এইবাৰ আণ্ডাজমতে নিমখো দি দিয়ক৷ পাঁচমিনিটমান ৰখাৰ পিছত ধনীয়াপাত কুটি দি গৰমে গৰমে পৰিবেশন কৰক৷

অতিৰিক্ত সংযোজন:

- চুৰুহাখিনি বেছি ডাঠ কৰিবলৈ আলু অলপ ৰুকি দিব পাৰে৷ বজাৰত পোৱা কৰ্নফ্ল’ৰ নিদিব৷

- ফ্ৰেন্সবীনৰ লগৰ লেচেৰা(দাংবদি)ও দিব পাৰে ইচ্ছা কৰিলে৷

২৫.০৯.১৩

মতামতসমূহঃ

comments powered by Disqus