স্বস্তিকা- কোনো ভাল কামৰ আৰম্ভণি

মৃদুল কুমাৰ শৰ্মাৰ ব্লগ

তিল আৰু বিলাহীৰে ৰন্ধা কুকুৰাৰ মাংস

যোগাৰ : আধা কিলোগ্ৰাম ব্ৰইলাৰ কুকুৰাৰ সৰুকৈ কটা মাংস, ক’লা বা বগা তিল ডেৰ চাহচামুচ, পকা বিলাহী পাঁচটা, কেঁচা জলকীয়া পাঁচ ছটামান, নহৰু আঠফোট, আদাৰ মধ্যম আকৃতিৰ টুকুৰা এটা, তেজপাত দুখিলা, ধনীয়াপাত।

প্ৰস্তুতি : মাংসখিনি ধুই লওক৷ নহৰু কেইটা মিহিকৈ বটি লওক, বা পটাত পিচি লবও পাৰে। আদাখিনি নবটি এখন ৰোকনাৰে ৰুকি লওক। বিলাহীকেইটা কাটি গুটিবোৰ পেলাই সৰু সৰু টুকুৰা কৰি লওক৷ জলকীয়াকেইটা মাজেৰে দুফাল কৰি লওক৷ তিলখিনি আগতেই ভালদৰে ধুই শুকুৱাই ল’ব৷

ৰন্ধন : এটা কেৰাহী (নন্ ষ্টিক্ হ’লে বেছি ভাল) ভালদৰে গৰম হ’বলৈ দি কটা বিলাহীখিনি দি অলপ লৰাই দিয়ক৷ অলপ পাছত যেতিয়া বিলাহীৰ পৰা পানী ওলাব ধৰিব তাত আদা, জলকীয়া আৰু নহৰুখিনি দি দিয়ক৷ ভালদৰে লৰাই কেইমিনিটমান পিছত সামান্য পানী দি ঢাকোন মাৰি দিয়ক আৰু জুই একেবাৰে কমাই দিয়ক৷ কেইমিনিটমান পিছত ঢাকনিখন গুচাই হেতা এখনেৰে বিলাহীখিনি ভাঙি ফেনেকি দিয়ক আৰু যেতিয়া ই এক পেষ্টৰ নিচিনা হ’ব জুইৰ পৰা নমাই ৰাখক৷

আন এটা কেৰাহী ভালদৰে গৰম হ’বলৈ দিয়ক৷ এতিয়া কেৰাহীত সামান্য পৰিমাণে ৰিফাইন তেল দি গৰম হোৱা যেন পালে তাত তেজপাত দুখিলা চাৰিটুকুৰা কৰি দি দিয়ক৷ তাৰ পাছত তিলখিনি গৰম তেলত দি এবাৰ দুবাৰ লৰাই দিয়ক৷ গৰম তেলত তিল দিলে তিলবোৰ ফুটি ছিটিকে পৰে, গতিকে অলপ সাৱধান হ’ব৷ তিলখিনি ফুটা বন্ধ হোৱাৰ লগে লগে তাত ইতিমধ্যে সাজু কৰা বিলাহী, আদা আৰু নহৰুৰ পেষ্টখিনি দি দিয়ক আৰু এবাৰ ভালদৰে লৰাই ঢাকনিখন মাৰি দুইমিনিটমান ৰাখক৷ তেলত দিয়া পেষ্টখিনি উতলিব ধৰা যেন পালে তাত মাংসখিনি দি আণ্ডাজমতে হালধি দি অলপ সময় ভালদৰে লৰাই থাকক৷ মাংসৰ লগত পেষ্টখিনি ভালদৰে লাগি ধৰিলে তাত সোৱাদ অনুসৰি নিমখ দি পুনৰ লৰাই দিয়ক আৰু জুই একেবাৰে কমাই দি ঢাকনিখন মাৰি দিয়ক৷

এতিয়া গৰমে গৰমে ভাতৰ লগত পৰিবেশন কৰক৷

১৩.০৯.১৪

মতামতসমূহঃ

comments powered by Disqus