স্বস্তিকা- কোনো ভাল কামৰ আৰম্ভণি




মৃদুল কুমাৰ শৰ্মাৰ ব্লগ

মই এক সন্ত্ৰাসবাদী কবি

আপোনাৰ সেউজ কোমল হৃদয়ত বিস্ফোৰণ
ময়েই ঘটাওঁ৷

আপোনাৰ তেজৰ ৰং নীলা বুলি ময়েই প্ৰত্যায়িত কৰিছিলো৷

        ( আৰু মোক অভিধা দিছিল বৈপ্লবিক চিন্তাধাৰাৰ বিষণ্ণ কবি বুলি৷ সহ্য  কৰিছিলো অৱশ্যে৷)

আনকি আকাশৰ মেঘবোৰো হালধীয়া বুলি ময়েই
আপোনাক আভুৱা ভাৰিছিলো৷

আপুনি হেনো আঘোণৰ পূৰ্ণিমাত জগত জিনিছিল৷

পিছে ক’তা? মইতো আপোনাক দেখিছিলো
শেৱালি ফুলবোৰ মুচৰি মুচৰি হত্যা কৰা৷
জিকাৰ ফুলবোৰ পিঠাগুড়িৰে বড়া ভাজি খোৱা!

আপুনিও দেখোন এজন  হত্যাকাৰী৷
    প্ৰেম ভাজি খোৱা আপুনিও এক প্ৰেমিক অশ্বাৰোহী৷

কি ক’লে? আপোনাৰ ‘ভাণ্ডা’ ফুটাই দিব নালাগে? মোক চাই ল’ব?

ঠিক আছে৷ নিদিও বাৰু৷
কৰক এটা বিস্ফোৰণ৷ চিৰাচিৰ কৰি দিয়ক হেমকোষ নতুবা চন্দ্ৰকান্ত৷
হৈ পৰক মোৰ দৰে জেহাদী কবি!

অভিধানৰ শব্দ আৰু দুটা লাৰ্জ পেগ৷ অলৌগুটি তলৌগুটি৷
ইথানলৰ অণুবোৰ হৈ পৰিব অণুঘটক৷

এক বস্তুবাদী শিহৰণে দস্তুৰমত আপোনাক চুই যাব
যেন বিস্ময়ৰ শেষ পৃষ্ঠাটোহে৷ কোনো উদ্ভিন্ন যৌৱনাৰ দেহ বল্লৰীৰ অস্বাভাবিক আবেদনত হিয়া চিৰাচিৰ৷

লিখক লিখক৷
লিখি উঠি নীলা ৰঙৰ খাম এটা বিচাৰিব নাপাহৰিব৷

(কাণে কাণে কওঁ৷ নীলা খাম এটা মোৰো বৰ দৰকাৰ৷ পালে দিব দেই৷)

০৫.০৭.১৬

মতামতসমূহঃ

comments powered by Disqus