স্বস্তিকা- কোনো ভাল কামৰ আৰম্ভণি




মৃদুল কুমাৰ শৰ্মাৰ ব্লগ

সামাজিক দ্বায়িত্ব

 

ক) ২০০১ চনত এচিএছ পৰীক্ষা দিয়াৰ সময়ত কেৰেক্টাৰ চাৰটিফিকেট এখন দৰকাৰ হ’ল৷ SDO(civil) কাৰ্যালয়ৰ এজনে এটা ফৰ্মেট দিলে আৰু সেইটো এখন কাগজত টাইপ কৰাই আনিবলৈ ক’লে৷ ওচৰতে কেইবাজনো লোক সন্মুখত টাইপ ৰাইটাৰ লৈ বহি আছিল৷ তাৰে এজনৰ ওচৰলৈ গ’লো আৰু মেটাৰটো টাইপ কৰিবলৈ দিলো৷ প্ৰথমবাৰ দুটা ভুল হোৱা বাবে তেখেতে পুনৰ নতুনকৈ কৰিলে৷ শুদ্ধ কপিটো লৈ সুধিলো কি দিব লাগিব এতিয়া৷ তেখেতে ক’লে একো নালাগে৷ মই অলপ আচৰিত হৈ সুধিলো কেলেই পইছা নলয়৷ মানুহ্জনে বেছ খোলা হাঁহি এটা মাৰি ক’লে যে “ ষ্টুডেণ্টৰ কাৰণে ফ্ৰি “৷ মই বেছ অভিভূত হ’লো আৰু ধন্যবাদ দি গুচি আহিলো ! আমি নিজাকৈ আৰু সৰুকৈ হ’লেও যে কিবা এটা ভাল কাম কৰিব পাৰো তাৰ এক নিদৰ্শন পালো৷

খ) আমি পঢ়ি থকা সময়ত বাছত উঠিলে মূল ভাৰাৰ আধা পৰিমাণৰ “ষ্টুডেণ্ট ভাৰা” দিয়াতো এক অলিখিত নিয়ম আছিল আৰু বেছিভাগ কণ্ডাক্টৰে সহযোগিতা কৰিছিল দুই এজনক বাদ দি৷ কেতিয়াবা পৰিচয় পত্ৰ দেখুৱাব লগা হৈছিল৷ অৱশ্য দূৰণিবটীয়া বাছত এই সুবিধাটো নাছিল৷

আজিকালি বা এই প্ৰথাটো আছে নে নাই জানো৷ যদি নাই তেনেহ’লে এই নিয়মটি পুনৰ প্ৰৱৰ্তন কৰিব লাগে বুলি মই ভাবো কিয়নো ই ছাত্ৰ ছাত্ৰীক বহুত সকাহ দিয়ে৷ ছাত্ৰ সংগঠন সমূহে এই বিষয়ত মাত মাতিব পাৰে৷

গ) যোৰহাটত AAU ত পঢ়ি থকা সময়ত এবাৰ হঠাতে চকু দেখুৱাব লগা হ’ল৷ চকু বিশেষজ্ঞ গৰাকীয়ে চাই চিতি নিদান পত্ৰ লিখিলে৷ ফীজ দিয়াৰ সময়ত তেখেতে সুধিলে “হোষ্টেলত থাকা নেকি?” মই হয় বুলি কোৱাত তেখেতে ফীজৰ আধাহে ল’লে৷

তেনেকৈ যোৰহাটৰে আন এগৰাকী চিকিৎসকৰ বিষয়ে জানিছিলো যিয়ে কোনো ছাত্ৰ ছাত্ৰীৰ পৰা ফীজ নলৈছিল৷

তেখেত সকলৰ এই মহান চিন্তাধাৰাক সন্মান জনাইছো৷

এইখিনিতে মই সকলো চিকিৎসকক এক আহ্বান জনাব বিচাৰিছো যে তেখেত সকলে যেন হোষ্টেল বা মেছত থকা ছাত্ৰ ছাত্ৰীৰ চিকিৎসাৰ বাবদ মাচুল নলয়৷ এক ভাল কাম হ’ব৷

২৫.০৮.১২

মতামতসমূহঃ

comments powered by Disqus