স্বস্তিকা- কোনো ভাল কামৰ আৰম্ভণি




মৃদুল কুমাৰ শৰ্মাৰ ব্লগ

ঊনসত্তৰ- প্ৰথম খণ্ড

 

শৰ্মানী : হেৰা কেমেৰাটো লৈ আহাচোন ফটাফট।

শৰ্মা : কি হ’লনো ইমানকৈ চিঞৰিছা যে? ককৰোচ ওলাইছে নেকি?

শৰ্মানী : ককৰোচ ওলোৱা নাই। টিটু পৰিলে…আঠুৰ পৰা তেজ ওলাইছে।

শৰ্মা : ৰ’বা ৰ’বা ডেটল লৈ গৈ আছো৷

শৰ্মানী : এএ… আগতে কেমেৰাটো আনা আৰু ফটো এখন ফেচবুকত আপলোড কৰা৷ আমাৰ গান্ধী কলনিৰ গ্ৰুপটোত দিবা দেই৷

শৰ্মা : অ’কে অ’কে ভাল কথা কৈছা৷

শৰ্মানী : চাও টিটু নাকান্দিবাচোন, স্মাইল এটা দিয়া৷ তেতিয়াহে চবে কাৰেজিয়াচ বয় বুলি কমেণ্টবোৰ দিব৷ সিদিনা বৰাহঁতৰ পিঙ্কীক দেখা নাই কেনেকে তোমাতকৈ বেছি দুখ পায়ো স্মাইল দি ফটো উঠিছে৷ সেইকাৰণে উনসত্তৰটা লাইক আৰু বাইছটা কমেণ্ট পাইছে৷ “কাৰেজিয়াচ গাৰ্ল”, “কাৰেজিয়াচ এণ্ড কিউত গাৰ্ল” কিমান ধুনীয়া ধুনীয়া কমেণ্ট পাইছে৷ আজি কিন্ত তাইক বীত কৰিবই লাগিব যেনেকে হলেও৷

শৰ্মা : দিলো দিয়া আপলোড কৰি বাপ্পেকে৷ আজি চাই থাকাচোন কমেণ্টত বীত কৰিব নোৱাৰিলেও লাইকত কিন্তু জিকিমেই৷

শৰ্মানী : তুমি কাক কাক টেগ কৰিলা কোৱাচোন৷

শৰ্মা : অ’ নকৰিলো নহয় কাকো টেগ৷

শৰ্মানী : এএ…তুমিও এটা ভাল এলাইবাদু মানুহদেই৷ ইমান ভাল সুযোগ এটা পাইছো অতদিনৰ মূৰত, কলিতা, দাস আৰু নাথ হঁতকতো কমচে কম টেগ কৰি থোৱা৷ সিহঁত কেইঘৰে আমাৰ প’ষ্টবোৰ লাইক কৰেই৷ কিন্তু নটিফিকেশ্যন নাপালেতো মিচ হৈ যাবও পাৰে৷ তোমাৰ দ্বাৰা নহৈছে আৰু ধেইৎ৷

শৰ্মা : অ’ কথাটো মূৰতেই নেখেলিলে৷ ৰ’বা এটা কাম কৰো৷ লিংকটো সিহঁতক ইনবক্স কৰি দিও আৰু লিখিও দিও এইবুলি যে ভাল কমেণ্ট দিব দেই৷

শৰ্মানী : অ’ তাকেই কৰা এতিয়া, বেলেগ উপায়টো নাই৷ মই ইয়াক বেন্ডএইডকে মাৰি দিও, অলপ ছালহে গৈছে তেজ বিৰিঙি উঠিছে৷

আধা ঘণ্টা পিছত ------ ~~~~~~~~~~~~~~~~

শৰ্মানী : হেৰা চোৱাচোন এবাৰ ৰিফ্ৰেছ কৰি স্টেটাচটো৷ কোনে কি লিখিছে চাও৷

শৰ্মা : হুম্মম…চাইচো ৰ’বা৷ এ…. ৰাম৷ আধাঘণ্টা হৈ গ’ল আৰু এতিয়ালৈকে মাত্ৰ তিনিটা লাইক আৰু এটা কমেণ্ট৷ খঙেই উঠি আহিছে৷

শৰ্মানী : কিনো কোৱাহে?!! পেজটো ভালকৈ ৰিফ্ৰেচ হোৱা নাই নেকি? আকৌ এবাৰ কৰি চোৱাচোন৷

শৰ্মা : ভালকৈ কৰিছো তোমাৰ মূৰা ৰিফ্ৰেচ ! চাল্লা ইনবক্সত মেছেজো পঠিয়ালো তথাপিও একো ৰেছ্পন্স নাই৷ আৰে কমচেকম লাইকটো কৰ ভাই৷

শৰ্মানী : আৰু মাতি মাতি খুৱাবা জনী ৱাকাৰ আৰু মই বৰিয়লা মাছ ভাজি খুৱাম৷ হুহহ.. এইবিলাক বুকুত খোৱা বন্ধু তোমাৰ৷ দৰকাৰত কেতিয়াও কামত নাহে৷

শৰ্মা : থোৱাহে থোৱা৷ তোমাৰ কিটি পাৰ্টিৰ সেই কিটেন কেইজনীয়েওতো একো লাইক বা কমেণ্ট কৰা নাই৷ মোক দূষিলে কি হ’ব?

শৰ্মানী : খবৰদাৰ, মোৰ ফ্ৰেইণ্ডক কিটেন নকবা দেই কৈ দিলো অ’৷ পিছে কোনে কোনেনো লাইক কৰিলে আৰু কোনে কমেণ্ট দিছে বাৰু?

শৰ্মা : লাইক মাৰিছে দত্ত, বৰুৱা আৰু গোহাঁই৷ কমেণ্ট দিছে ডেকাৰ সৰু জীয়েকজনীয়ে৷ হেৰা এটা কথা কোৱাচোন৷ ডেকাৰ সৰু জীয়েকজনীয়ে ক্লাছ চেভেনতহে পঢ়ে৷ তাইৰো ফেচবুকত প্ৰফাইল আছে নেকি? অ’ এম জি!!

শৰ্মানী : হেৰা তাকেইতো তোমাক ইমানদিনৰ পৰা কৈ আছো আমাৰ টিটুৰ নামতো এটা প্ৰফাইল খুলিব লাগে৷ তুমি কাণষাৰেই দিয়া নাই৷

শৰ্মা : নহয় মানে মই আকৌ ভাৱিছিলো যে ওঠৰ বছৰ নহ’লে প্ৰফাইল খুলিব নোৱাৰি আৰু আমাৰ টিটুৰ পাঁচবছৰ হৈছেহে৷ আজিয়েই খুলি দিম বাপ্পেকে৷

শৰ্মানী : তুমি একেবাৰেই স্মাৰ্ট নহয়, আজিৰ পৰা মোৰ কথামতেহে হ’ব দেই কামবোৰ৷ কমেণ্টটো কি দিছেনো?

শৰ্মা : তাই লিখিছে “ পুওৰ ফেলো, মিজাৰেবল কিদ”৷

শৰ্মানী : হুহহ… অলপ ভালকৈ লিখিব নোৱাৰিলে৷ বাৰু যি হওক কিবা লিখিছেতো৷

শৰ্মা : এটা কাম কৰো ৰ’বা৷ দুটামানক এচ এম এচকে কৰো৷ নহ’লে আজি লাজপাব লগীয়া অৱস্থা হ’ব৷ মোৰ হেৰি খোলা যাব৷

শৰ্মানী : তুমি এচ এম এচ কৰা ফোন কৰা যি কৰা কৰা মুঠতে আজি পিঙ্কীক বীত কৰিব নোৱাৰিলে মই গান্ধী কলনিত আৰু নাক উলিয়াব নোৱাৰিম৷ ময়ো খৱৰটো অলপ কেজুৱেলি ফাটাই দিও ৰ’বা৷

এঘণ্টা পিছত----------- ~~~~~~~~~~~~~~~~

শৰ্মা : হেৰা এচ এম এচো কৰিলো আৰু ফোনো কৰিলো৷ কলিতাৰ মোবাইলত নেট পেক ঢালা নাই গতিকে চাব পৰা নাই৷ দাসৰো একে ঘটনা আৰু নাথে ফোন ৰিচিভ কৰা নাই৷ আমি মিছাতে সিহঁতক বেয়া পাই আছিলো৷ পটককে মানুহৰ বিষয়ে নিগেটিভ অপিনিয়ন ল’ব নেপায় একচুএলি৷

অ’…. আৰু সাতটা লাইক মাৰিছে, আৰু এটা কমেণ্ট৷ ভট্টই দিছে কমেণ্টটো, লিখিছে “ টেক কেয়াৰ বেবী”৷ ই মানুহটো ভাল বুজিছা৷ এদিন চাহ খাবলে’ মাতিব লাগিব৷ বেচেৰা আমাৰ কলনিৰ বেলেগ ব্লকৰ হৈও য়ে লাইক মাৰিছে৷ পিছে তোমাৰ কিটি ফ্ৰেইণ্ড বিলাকৰ ভিতৰত অকল শইকীয়ানীহে যে লাইক মাৰিছে৷

শৰ্মানী : এ ইহঁত কেইজনীৰ কথা নকবা আৰু৷ ইমান জেলাছ৷ পিছে সন্ধিয়ালৈ আৰু ৰেছ্পন্স আহিব চাবা, এতিয়া বহুতে অফিচত আছে নহয়৷

শৰ্মা : তেনেকুৱা হ’লেতো ভালেই হয়৷ পিছে এটা কথা মানি গ’লো দেই৷ চি ব্লকত থকা এটায়ো কিন্তু মৰি গ’লেও কোনো ৰেছ্পন্স নিদিয়ে৷

শৰ্মানী : এইবিলাক লবী বুজিছা৷ সিদিনা কথাটো শইকীয়ানীয়েও কৈছিল৷ বেচেৰীয়ে চিঙ্কীৰ বাৰ্থডেত চবকে এফ.বিতে টেগ কৰি কৰি ইনভাইট কৰিলে৷ অকল টেগ কৰাই নহয় ইনবক্সো কৰিলে৷ মাংস পোলাও আৰু এন্টিকুইটী খাবলৈ চব আহিল কিন্তু পিছত য়েতিয়া ফটো বোৰ আপলোড কৰিলে চি ব্লকৰ এটায়ো কমেণ্ট দিয়াটো দূৰৰে কথা লাইকো নকৰিলে৷ ইমান খাই পাত ফলা, জহনীত যোৱা, চকু চৰহা, পৰশ্ৰীকাতৰ৷ এনেকুৱা হ’লে কাৰনো দুখ নালাগিব বাৰু তুমিয়ে কোৱাচোন৷

শৰ্মা : তাকেইতো৷ পিছে এটা কাম কৰো নেকি কলিতা আৰু দাসৰ মোবাইলত ১০ টকাৰ নেট পেক ঢালি দিও নেকি?

শৰ্মানী : নালাগে দিয়া গধুলি ৰিচাৰ্জ কৰিবই নহয়৷

শৰ্মা : হেৰা কথা এটা ভাৱিছো বুইছা৷

শৰ্মানী : কিনো?

শৰ্মা : আমাৰ এ আৰু বি ব্লকৰ চবকে পৰহি মাতি গেট টুগেদাৰ এটা কৰি দিও নেকি? আজিকালি লবী নকৰিলে লাভ নাই বুজিছা৷

শৰ্মানী : তোমাৰ আইডিয়াটো বেয়া নহয় কিন্তু ইমানবোৰ মানুহ মাতিলে খৰছ কিন্তু কিছু হ’ব আৰু তুমি দেখোন টকা নাই টকা নাই কৰি আছা৷

শৰ্মা : টকা নাই বাৰু, মাহৰ শেষ৷ কিন্তু সেইবুলি কি মই এনেকে ইজ্জত নিলাম হ’ব দিম নেকি? লাগিলে ছাল চামৰা চব বেচিম৷ হেৰি পিছে তুমি শইকীয়ানীক সুধি চাব পাৰা যদি গেট টুগেডাৰৰ খৰছটো অলপ শ্বেয়াৰ কৰি লয়৷ আফটাৰঅল বেনিফিটটো চবৰে হ’ব৷

শৰ্মানী : অ’ অ’ ঠিক কথা কৈছা৷ তাই দিবই৷ সিদিনা যিটো শ্বক পালে, এতিয়া লোহা একেবাৰে গৰম হৈ আছে হাতুৰী মৰাৰ উপযুক্ত সময়৷ মই ফোন কৰো ৰ’বা৷

শৰ্মা : তেনেহ’লে মই নিজে ফেচ টু ফেচ কথা পাতি আহো নেকি?

শৰ্মানী : দৰকাৰ নাই তুমি যাবলৈ৷ শইকীয়া টুৰত গৈছে আৰু তাই তোমালৈ যিহে চাৱনি দিব খোজে৷

শৰ্মা : হা: হা: হা: হয় নেকি? মই কি জেমছ বণ্ড?? সন্দেহ আৰু জ্বলন তো তোমালোক নাৰী জাতিৰ ডি এন এ তে সোমাই আছে৷ ডাৰ্টি মাইণ্ড৷

সন্ধিয়া------------------ ~~~~~~~~~~~~~~~~~~~

শৰ্মানী : হেৰা ফাইনেলি কোৱা আৰু লাইক কিমানটা আৰু কমেণ্টটো নায়ে চাগে৷ মোৰে ফুটা কপাল৷ তুমি চেলিব্ৰিটিটো দূৰৰ কথা মিনি চেলিব্ৰিটিও হ’ব নোৱাৰিলা৷

শৰ্মা : একত্ৰিশটা লাইক আৰু নটা কমেণ্ট মাত্ৰ৷ তাকো কমেণ্ট বিলাকো ইমান উত্সাহজনক নহয়, “টেক কেয়াৰ, গেট ৱেল ছুন, কেয়াৰ লেছ পেৰেন্টছ” ইত্যাদি ইত্যাদি৷ “কাৰেজিয়াচ বয়’ এই শব্দ দুটা কি কাৰো মনলৈ নাহিল???

শৰ্মানী : হেৰা উনসত্তৰ মাইনাছ একত্ৰিশ… থাৰ্টি এইটটা এতিয়াও লাগে টাই হ’বলে৷ আচ্ছা মই যদি কথা এটা কও তুমি জকি নুঠিবা কিন্তু৷

শৰ্মা : কিনো ক’ব খুজিছা? মই এতিয়া অলপ গোলাপী হ’ব ধৰিছো৷ তোমাৰ কথা শুনি ময়ো আজি হেৰিহে বনিলো।

শৰ্মানী : সেই এফ ব্লকৰ ড: হিলৈধাৰীকে ৰিকুৱেষ্ট এটা কৰি চোৱা নেকি? তেওঁতো ফেচবুকত মস্ত এক্তিভ, ফ্ৰেইণ্ড লিষ্ট খনো বেচ ডাঙৰ৷ তেওঁ কিবা এটা আপডেট দিলে সকলোৱে লাইক মাৰে৷ কিবাকে হুক কৰি আমাৰ ফাইলত আনিব পাৰিলে বাকী চববোৰ একেবাৰে চেটেপ৷

শৰ্মা : থৈ দিয়া, সেই অহংকাৰীটোৰ কোনো সহায় নালাগে৷ কি ঘটিডাল কৰি দিব সি? সিদিনা সি আপডেট দিছিল “লেন্ডেড এট ক’লকাতা এয়াৰপ’ৰ্ট”৷ ময়ো কমেণ্ট দিলো “ হেৱ এ প্লিজেন্ট ষ্টে”৷ আৰু জানা সি লাইকো নকৰিলে কমেণ্টো নিদিলে৷ অকল মোৰ বুলিয়েই নহয় কাৰো কমেণ্ট লাইক নকৰিলে৷ হাৰে বাবা, তোমাৰ বকৱাছ থাৰ্দ ৰেট আপডেট এটাত লাইক কৰি দস্তুৰমত পজিটিভ কমেণ্ট মাৰিছো আৰু তুমি তাক লাইকো নকৰিবা, থেঙ্কছ দিয়াটো দূৰৰে কথা, তুমি কি চুপাৰ চেলিব্ৰিটি?? ইমান আহম্মক৷ হোৱাট দা ফ…ফ… মানে হোৱাট দা হেৰি !! এই কাৰণে আমাৰ অসমীয়া জাতিটোৰ কোনো উন্নতি নাই৷ আমাৰ একতা নাই৷ আমাৰ লোকৰ উন্নতি দেখি গা জ্বলে৷ অল আৰ ব্লাদি ক্ৰেবছ৷

শৰ্মানী : হ’ব, দুপেগ মাৰিলাতো এতিয়া লেবাই থাকিব নালাগে৷ পাৰা যদি গেট টুগেদাৰৰ হিচাপটোকে কৰাগে’৷

শৰ্মা : সঁচা কথা ক’লে লেবাই থকা হয়৷ সচাঁ কথা কাৰো হজম নহয়৷ যোৱা এতিয়া ডিষ্টাৰ্ব নকৰিবা৷ কোৱাৰ্টাৰটো শেষ কৰি লও৷

ৰাতি-------- ~~~~~~~~~

শৰ্মানী : বুজিছা মই অলপ আগতে লগ অফ কৰাৰ আগতে ৰিফ্ৰেচ কৰি চাইছিলো৷ বিয়াল্লিছটা লাইক আৰু কমেণ্ট সিমানটাই আছে৷ গোটেই বেয়া নহয় কিন্তু ভাবি চাবলৈ৷

শৰ্মা : হুমমম… তোমাৰ উনসত্তৰৰ টাৰ্গেটটোৱেই ভুল হ’ল৷ উনসত্তৰ দা ছিক্সটি নাইন৷ সংখ্যাটোৱেই কিবা জেঙীয়া৷ শুই থাকা এতিয়া৷

১৯.১০.১২

মতামতসমূহঃ

comments powered by Disqus