স্বস্তিকা- কোনো ভাল কামৰ আৰম্ভণি




মৃদুল কুমাৰ শৰ্মাৰ ব্লগ

~~ ঊনসত্তৰ- ত্ৰয়োদশ খণ্ড~~  

~~ পূজাৰ কাপোৰ ~~


শৰ্মানী: হেৰা শুনিছানে?

’পূজাত কি কাপোৰ দিলে ঔ তোমালোকক?’, কচুৰী এটা মুখত সুমুৱাই জিলাপী এখনত কামোৰ মাৰি শৰ্মানীয়ে বোমাটো ফুটালে৷

’নিদিলে মোক৷ মাইনাক পালাজ’ আমাজনৰ পৰা পঠাই দিলে৷ মোৰ হেনো গডৰেজ ঠাহ খাই আছে৷’, দত্তনীয়ে শব্দকেইটা এটা এটাকৈ উচ্চাৰণ কৰিলে৷ উপস্থিত এওঁৰ মুখখনলৈ চালে জাতি ধৰ্ম লিংগ নিৰ্বিশেষে সকলোৰে এটাই কথা মনলৈ আহিব- ’ফুলালুচী’ নামৰ কবিতাটো চাগে পাতাল কুমাৰে এওঁক চায়ে অনুপ্ৰেৰিত হৈ লিখিছিল৷

’আমাৰ এওঁৰ হেনো কৰ্মতকৈ কাপোৰ ডাঙৰ নহয়৷ চাৰিওফালে শুৰপোক নে কিবা পোক এবিধ ওলাইছে হেনো৷ তাকেই মাৰি ফুৰি ফুৰিছে গাঁৱে গাঁৱে’- বৰানীয়ে খুৰমা দুটা মুখত ভৰাই চাহ এঢোক গিলিলে৷

’মোক ছিল্ক হাউচৰ পৰা সূতাৰ চাদৰ এখন আনি দিলে বাৰু৷ বিহুতহে ভালকৈ দিব হেনো৷ তলৰ পৰা ওপৰলৈ সজাই দিব৷ চেণ্ডেলৰ পৰা ডিঙিৰ হাৰলৈকে চব দিব৷’- মুখখন বিকটাই হোৱাটচএপত মেছেজ এটা ছেণ্ড কৰি কলিতানীয়ে বেৰৰ ফালে চাই ক’লে৷

’মোক কি দিলে সোধা আক’! মুগাৰ মেখেলা চাদৰৰ ছেট এটা৷ নিজ খুচীমতে বাচিবলৈ দিলে৷’, শৰ্মানীয়ে দাঁত নিকতাই হাঁহি ক’লে৷
-কি?
-কি??
-কি???
বাকীসকলে যেন কোৰাচহে গালে৷

’উম! নিদি পাৰেনে৷ নিদিওঁ বুলি কৈছিল বাৰু৷ কিন্তু মই মইহে৷’

-কিন্তু কেনেকে খীৰালা ঔ কোৱাচোন৷

একেলগে দুখন জিলাপী মুখত সুমুৱাই কোৱাৰিৰ ফাঁকেৰে বৈ অহা ৰসকণ মচি শৰ্মানীয়ে ক’লে, ’চোৱা, দুমাহ আগতেই মই কৈছিলো যে মোৰ এইবাৰ মুগাৰ কাপোৰযোৰ লাগিব্বই৷ কিমান দিনৰ পৰা আশা কৰি আছো৷ কিন্তু এওঁৰ কথা হ’ল কাপোৰযোৰত পোন্ধৰ বিছহেজাৰ টকা খৰচ কৰাতকৈ ক’ৰবাৰ পৰা ফুৰিয়েই আহো৷ হাৰে বাবা, নুবুজানো কেলেই কাপোৰযোৰ নহ’লে কি পিন্ধি ফুৰিবলৈ যাম৷ দুদিনমান কন্দা কটাও কৰি চালো৷ নাই নুশুনেহে নুশুনে৷ মই বোলো এই কথাই কথা নহয়৷ কান্দোনৰ অস্ত্ৰপাত বেছিকৈ ব্যৱহাৰ কৰাই কাম নিদিয়া হ’লগে৷ ৰ’ বাপ্পেকে৷ মোৰোতো বুদ্ধি কম নহয়, দেখাতহে হেবাং৷ পূজাৰ তিনিদিন আগত এওঁ অফিচৰ পৰা আহি চাৰ্টটো খুলি বাৰাণ্ডাত মেলি থৈছিল৷ মই গৈ লাহেকৈ চাৰ্টটোৰ বুকুত অলপ লিপষ্টিক লগাই দিলো আৰু চুলি এডাল চিঙি চাৰ্টটোৰ কলাৰত ফঁচাই লগাই থলো৷

বাকীখিনি ইতিহাস এতিয়া৷ 'ম্যেই জো চাহতা হ্যু ও মেই ছীনকে লেতা হ্যু৷’

দত্তনী, বৰানী আৰু কলিতানীয়ে হা কৈ মুখকেইখন মেলি শৰ্মানীৰ ফালে চাই ৰ’ল৷

মতামতসমূহঃ

comments powered by Disqus