স্বস্তিকা- কোনো ভাল কামৰ আৰম্ভণি




মৃদুল কুমাৰ শৰ্মাৰ ব্লগ

ঊনসত্তৰ- ষষ্ঠ খণ্ড

 

~~~~~ব্ৰেকিং নিউজ~~~~~

এতিয়া সন্ধিয়া সাতবজাত ফিউজ লাইভে আগবঢ়াইছো আজিৰ এক্সক্লুছিভ ব্ৰেকিং নিউজ, চনচনি তেজ খবৰ!

যোৱাকালি ৰঙিয়া নিবাসী শ্ৰীবিকুল কুমাৰ শৰ্মাৰ পাকঘৰৰ পিছফালৰ শাকনিডৰাত এটা প্ৰকাণ্ড আনাক’ণ্ডা সাপৰ পোৱালিৰ আৱিৰ্ভাব ঘটে৷ লগে লগে বাতৰিটো চৌদিশে ইণ্ডোনেছিয়াৰ বনজুইৰ বিয়পি পৰাত শৰ্মাৰ ঘৰত লোকে লোকাৰণ্য হয় আৰু কেউপিনে বিৰ দি বাট নোপোৱা অৱস্থা হয়৷ অসমত ক’তো দেখিবলৈ নোপোৱা আনাক’ণ্ডা সাপৰ পোৱালিটো চাবলৈ সচেতন ৰাইজৰ লগতে সংবাদকৰ্মীসকলে ভিৰ কৰে শৰ্মাৰ ঘৰত৷ পুনৰ কৈছো, অগণন লোকৰ ভিৰ ঘটে শৰ্মাৰ ঘৰত৷

ইনছেটৰ ফ’টোলৈ চাওক৷ চৌদিশে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা আনাক’ণ্ডা সাপটিক অৱশ্য এক ভূ ৰখা মহলে অজগৰৰ পোৱালি বুলিহে ক’ব খোজে যদিও আন এক বিজ্ঞমহলে সেয়া সঁচাকৈয়ে আনাক’ণ্ডা সাপ বুলিয়ে মত প্ৰকাশ কৰে৷

সংবাদকৰ্মীসকলৰ কেমেৰাৰ ফ্লাছৰ পোহৰত এমবাৰাছ্ ফিল কৰা সাপৰ পোৱালিটোৱে খঙতে কেইবাবাৰো হাও হাও শব্দ কৰি ৰাইজলৈ চোঁচা লয়৷ তেনেতে ঘটনাক্ৰমে ঘটনাস্থলীত উপস্থিত হোৱা এক প্ৰবাসী অসমীয়া সৰ্পবিজ্ঞানীয়ে লাজুকীলতাৰ শিপাৰে আনাক’ণ্ডাৰ পোৱালিটোক বশ কৰিবলৈ চেষ্টা চলাওতে সাপৰ পোৱালিটোৱে বিজ্ঞানীগৰাকীৰ হাতত এক ব্ৰহ্মখোঁট মাৰে আৰু লগে লগে বিজ্ঞানীগৰাকী অচেতনহৈ পৰে৷ অচেতনহৈ পৰা বিজ্ঞানীগৰাকীক ততালিকে ৰঙিয়াৰ চিভিল হস্পিটেললৈ লৈ যোৱা হয় যদিও তাত এণ্টি ভেন’ম দৰৱ উপলব্ধ নোহোৱাত তেখেতক ”মৃত্যুদূত” নামৰ চৰকাৰী এম্বুলেন্সেৰে গুৱাহাটী মেডিকেল কলেজ হস্পিটেললৈ লৈ যোৱা হয় আৰু অতি সংকটজনক অৱস্থাত আইচিইউত ভৰ্তি কৰোৱা হয়৷ বাতৰি পঢ়া সময়লৈকে বিজ্ঞানীজনক ওঠৰটা এণ্টিভেন’ম বেজী দিয়া হয় যদিও তেখেতৰ সংজ্ঞা বৰ্তমানলৈকে ঘূৰি অহা নাই৷ এক গোপন সূত্ৰে জানিব পৰা মতে বিজ্ঞানীজনক দিয়া বেজীবোৰৰ ইতিমধ্যে ম্যাদ উকলি গৈছে আৰু সেয়েহে কোনো কাম দিয়া নাই৷

অসমত নতুনকৈ এইবিধ প্ৰজাতিৰ সাপৰ বিষয়ে মতামত জানিবলৈ ”জংঘলম” নামৰ বন্যপ্ৰাণী সংস্থাটিৰ সঞ্চালকক লগ ধৰাত তেখেতে এই সাপৰ পোৱালিটো ৰঙিয়াৰ ওচৰৰ ভূটানপাহাৰৰ পৰা খাদ্যৰ সন্ধানত ভৈয়ামলৈ নামি অহা বুলি মত প্ৰকাশ কৰে আৰু অতি সোনকালে সাপৰ পোৱালিটোক পুনৰ ভূটান পাহাৰত থৈ আহিবলৈ বনবিভাগক দাবী জনায়৷

আমালৈ এইমাত্ৰ অহা খবৰমতে সাপৰ খোঁটত অচেতনহৈ থকা বিজ্ঞানীজনক চাবলৈ অহা খতমল হুছেইন নামৰ বেজ এগৰাকীয়ে দুপেগ মন্ত্ৰঃপূত, ক্ষমা কৰিব দুগিলাচ মন্ত্ৰঃপূত এলোভেৰা জুচ খুৱাই দিয়াত বিজ্ঞানীগৰাকী জাপ মাৰি উঠি বহে আৰু ”মোৰ নাম কি?” বুলি প্ৰশ্ন কৰে৷ সম্প্ৰতি তেখেতৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে৷ নিৰাপত্তাজনিত কাৰণত তেখেতৰ নামটি প্ৰকাশ কৰাৰ পৰা বিৰত থকা গ’ল৷

ভূটান পাহাৰৰ পৰা নামি অহা আনাক’ণ্ডা সাপৰ পোৱালিটোৰ ভৱিষ্যত সম্বন্ধে জানিবলৈ বিচাৰি অসমৰ বনমন্ত্ৰী শ্ৰীফাকিবুল হুছেইনক যোগাযোগ কৰিবলৈ বিচৰা হৈছিল যদিও তেখেতক ৰাজধানীত পোৱা নগ’ল৷ ঠিক তেনেদৰে এগৰাকী প্ৰবাসী বিজ্ঞানীক অসমৰ এখন লেখতল’বলগীয়া চৰকাৰী হস্পিটেলত চিকিৎসা দিয়াত ব্যৰ্থ হোৱাৰ লজ্জাজনক ঘটনাৰ বিষয়ে স্বাস্থ্যমন্ত্ৰীয়েনো কি কয় তাক জানিবলৈ বিচাৰি স্বাস্থ্যমন্ত্ৰী শ্ৰীবিষাক্ত বিশ্ব শৰ্মাক যোগাযোগ কৰিবলৈ চেষ্টা চলোৱা হৈছিল যদিও তেখেতকো পাব পৰা নহ’ল৷

ক’ত গ’ল দুই মন্ত্ৰী? ক’ত নিৰুদ্দেশ হ’ল মন্ত্ৰী দুগৰাকী? আৰু ক’ত আৱিষ্কাৰ কৰিলে দুয়োকে একেলগে আমাৰ ফিউজ লাইভৰ সংবাদদাতাই? জানিবলৈ অপেক্ষা কৰক৷ ক্ষন্তেক বিৰতিৰ পিছতে পুনৰ হাজিৰ হ’মহি আপোনালোকৰ মাজত৷ ষ্টে টিউউউনড৷

ৱেলকাম বেক টু ইভিনিং স্পেশ্যল ব্ৰেকিং নিউজ!

ক’তো নিৰুদ্দেশ হোৱা নাছিল মন্ত্ৰী দুগৰাকী৷ আমাৰ কেমেৰা পাৰ্চনে দুয়োকে একেলগে বিচাৰি উলিয়ালে একে ঠাইতে৷ ৰ’ব, সন্দেহ নকৰিব৷ কোনো নাযাবলগীয়া ঠাইলৈ একেলগে যোৱা নাছিল মন্ত্ৰী দুগৰাকী নাইবা কোনো ডিস্কোথেকত বহি দুয়ো মদিৰা পান কৰি থকা নাছিল৷ দুই মন্ত্ৰী গৈছিল মুখ্যমন্ত্ৰী দাৰুণ গগৈক সংগ দিবলৈ৷

আজি সমগ্ৰ অসমতে শুভ উদ্বোধন ঘটোৱা হৈছে মুখ্যমন্ত্ৰী দাৰুণ গগৈ ডাঙৰীয়াৰ উৰ্বৰ মস্তিষ্ক প্ৰসূত অভিলাষী জনকল্যাণমূখী আঁচনি ”বৰলা ভিনদেউ”ৰ৷ ”বৰলা ভিনদেউ” আঁচনিৰ তেনে এক উন্মোচনী সভাতে সংগ দিছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাৰ দুই নাবালক মন্ত্ৰীয়ে৷ সভাৰ মাজতে আমাৰ সংবাদদাতাই বনমন্ত্ৰী ফাকিবুল হুছেইনক সাপটিৰ কি হ’ব বুলি প্ৰশ্ন কৰাত তেখেতে সাপৰ পোৱালিটোক কাজিৰঙা হাবিত সংস্থাপন কৰা হ’ব বুলি আশ্বাস দিয়ে৷ তাৰপিছতে স্ৱাস্থ্যমন্ত্ৰী বিষাক্ত বিশ্ব শৰ্মাক তেখেতৰ বিভাগে সাধাৰণ সাপৰ খোঁটৰ চিকিৎসা কৰাত ব্যৰ্থ হোৱা তথা ম্যাদ উকলি যোৱা এণ্টি ভেন’মৰ বেজী সম্বন্ধে প্ৰশ্ন কৰাত তেখেতে এয়া দুষ্ট চক্ৰৰ ষড়যন্ত্ৰ বুলি কয় আৰু তেখেতৰ উজ্জ্বল ভাৱমূৰ্তি জনমানসত হেয় কৰাৰ নীচ অভিসন্ধি বুলি অভিহিত কৰে৷ তেনেতে বনমন্ত্ৰী গৰাকীয়ে মাজতে টেপেতকৈ মাত দি মন্তব্য কৰে যে চৰকাৰী চিকিৎসালয়ত ম্যাদ উকলি যোৱা ঘটনাটো এক উলাই কৰিব পৰা বিধৰ ঘটনা নহয় আৰু ই এক চৰম লজ্জাজনক বিষয় গোটেই অসমৰ বাবে৷ ফাকিবুল হুছেইনৰ আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে বিষাক্ত বিশ্ব শৰ্মাই কয় যে যি বনমন্ত্ৰীয়ে কাজিৰঙাৰ গঁড় কেইটাকে সুৰক্ষা দিব পৰা নাই তেওঁ বিদেশী সাপ এটাক কাজিৰঙাত সংস্থাপন কৰি সুৰক্ষা দিম বুলি আশ্ৱাস দিয়াটো ৰাইজক আভুৱা ভৰাৰ বাহিৰে আন একো নহয় আৰু তেওঁৰ আন বিভাগৰ কথাত মাত মতাত কোনো নৈতিক অধিকাৰ নাই৷

বিষাক্ত বিশ্বৰ কথাত তুমুল উত্তেজিত হৈ ফাকিবুল হুছেইন ডাঙৰীয়াই হিতাহিত জ্ঞান হেৰুৱাই পেলাই বাওঁহাতৰ মধ্যমা আঙুলিটো দেখুৱাই দিয়াত বিষাক্ত বিশ্ব শৰ্মাই খঙত একো নাই হৈ ফাকিবুল হুছেইনক এক প্ৰচণ্ড ঘোঁচা মাৰে৷ প্ৰত্যুত্তৰত ফাকিবুল হুছেইনেও ওলোটাই ঘোঁচা দিয়াত দুয়োৰে মাজত দবৰা দবৰি লাগে৷

খোদ মুখ্যমন্ত্ৰীৰ উপস্থিতিতে দুই নাবালক মন্ত্ৰীয়ে এনেদৰে দবৰা দবৰিত লিপ্ত হোৱাত মুখ্যমন্ত্ৰী দাৰুণ গগৈ ডাঙৰীয়াই মূৰে কপালে হাত দিয়ে আৰু দুয়োকে ক্ষান্ত থাকিবলৈ কয়৷ মুখ্যমন্ত্ৰীৰ কথা আওকাণ কৰি দুয়ো বেছিকৈহে মাৰপিত আৰম্ভ কৰাত দাৰুণ গগৈ ডাঙৰীয়াই ”বুজাক বুজাবা আকাৰে ইংগিতে নুবুজাক বুজাবা ঢাৰা চাপৰে” বুলি মন্ত্ৰ এফাঁকি গাই দুই নাবালক মন্ত্ৰীত কাণ মুচৰি দিয়ে৷ মুখ্যমন্ত্ৰীৰ কাণ মোচৰ খাই দুই মন্ত্ৰীয়ে সকলোৰে আগতে ফেঁকুৰি ফেঁকুৰি কান্দিবলৈ ধৰে৷ কান্দি কান্দি হিঁকতি অহাত দুয়োকে সভাৰ আয়োজকসকলে দুটা দুধদানী খাবলৈ দিয়ে যদিও দুয়ো দুধদানী দুটা দলিয়াই পেলাই বেছিকৈহে কান্দিবলৈ ধৰে৷ অৱশেষত মুখ্যমন্ত্ৰী দাৰুণ গগৈ ডাঙৰীয়াই দুয়োৰে মুখত নিজৰ বুঢ়া আঙুলি দুটা সুমুৱাই দিয়াত দুয়ো কান্দোন বন্ধ কৰে আৰু ৰংমনৰে মুখ্যমন্ত্ৰীৰ বুঢ়াআঙুলি চুপিবলৈ ধৰে৷ মুখ্যমন্ত্ৰীয়েও দুয়োৰে টেমা দুটা, ক্ষমা কৰিব, মূৰ দুটা কোলাত লৈ ”আপুনি বয়স হৈলে বুদ্ধি হৈব ভাল” বুলি এভাগ নিচুকনি গীত গাবলৈ ধৰে৷

মুখ্যমন্ত্ৰীৰ কোলাত মূৰ থৈ নিচুকনি গীত শুনি বুঢ়াআঙুলি চুপি চুপি দুই নাবালক মন্ত্ৰী টোপনি যোৱা দৃশ্যটি দেখি উপস্থিত ৰাইজৰ আবেগত চকুলো ওলাই পৰে আৰু বহুকেইজন লোকে হুকহুকাই কান্দি দিয়ে৷

ইপিনে ভূটানৰ পৰা নামি অহা সাপৰ পোৱালিটো এতিয়াও আবদ্ধহৈ থকা খবৰ পাই এক বিজ্ঞপ্তিযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ”অসম বেনানা ৰিপাব্লিক দাবী বাহিনী”ৰ সৰ্বাধিনায়ক বিলাসমত্ত বৰুৱাই কয় যে, ”সেইটো সাপ নহয়৷ সেইটো ভূটানত দখলদাৰী ৰাষ্ট্ৰযন্ত্ৰৰ লগত যুদ্ধত প্ৰাণাহুতি দিয়া আমাৰ সংগঠনৰ সদস্যৰ আত্মা৷ অতি শীঘ্ৰে যথাযোগ্য সন্মানেৰে তেখেতক পুনৰ ভূটান পাহাৰত থৈ অহা হওক নহ’লে, সমগ্ৰ অসমতে ন্যস্তস্বাৰ্থ জড়িত ৰাষ্ট্ৰযন্ত্ৰৰ পদলেহনকাৰীবোৰৰ তেজেৰে কুলু কুলু স্বৰেৰে নৈ ব’ব৷ আমাৰ সংগঠনৰ তৰফৰ পৰা আনাক’ণ্ডা পোৱালি ৰূপী আমাৰ সংগ্ৰামী সতীৰ্থৰ আত্মাক ছহিদ ঘোষণা কৰা হ’ল৷

বেনানা ৰিপাব্লিকৰ দাবীত আমি কেতিয়াও আপোচ নকৰো, যদিও কলপটুৱা ৰিপাব্লিক এখন পালেও আমাৰ বিপ্লৱী সত্বা শান্ত হ’ব৷”

বিলাসমত্ত বৰুৱাৰ বিবৃতি প্ৰকাশ হোৱাৰ লগে ল’গে ”আচাম প্ৰাইভেট ৱৰ্কচ” নামৰ সংগঠনটোৰ সম্পাদক ৰবিজিত শৰ্মাই কয় যে, সাপৰ পোৱালিটোৰ মৃত্যু নৌহওতেই তাক ছহিদ ঘোষণা কৰাটোৱে বিলাসমত্ত বৰুৱাৰ যে কাণ্ডজ্ঞানৰ অভাৱ তাকে বুজাইছে৷ ইপিনে, সমগ্ৰ অসম তথা উত্তৰ-পূৱ ভাৰতৰ অইন ৰাজ্যসমূহৰ পৰা আনাক’ণ্ডা চাবলৈ অহা ৰাইজৰ বাবে ৰঙিয়া চহৰত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে আৰু এয়া তিনি শতিকাৰ ভিতৰত হোৱা অন্যতম সাংঘাটিক যান-জঁট৷ এই অভূতপুৰ্ব যান-জঁটৰ সৈতে মোকাবিলা কৰিবলৈ ইতিমধ্যে সেনাবাহিনীৰ অতিৰিক্ত সাতটা ডিভিজন মোতায়েন কৰা হৈছে৷

ৰঙিয়া চহৰত প্ৰয়োজনীয় এঘাৰখন ফ্লাইঅভাৰৰ এখনো এতিয়ালৈকে নিৰ্মাণ নোহোৱাত আক্ষেপ প্ৰকাশ কৰে ৰঙিয়াৰ প্ৰাক্তন বিধায়কদ্বয়, ”মাতাল হাতী” দলৰ কালেশ্বৰ বড়ো আৰু ”পপীয়া তৰা” দলৰ অনাদি ডেকাই৷ ফ্লাইঅভাৰ কেইখনৰ নিৰ্মাণ খৰতকীয়া কৰিবলৈ তেওঁলোক দুয়ো আজি যুটীয়াভাৱে গড়কাপ্তানি মন্ত্ৰী বৈজয়ন্তী নেওগক এখন স্মাৰক পত্ৰ দিয়ে৷

মূল ঘটনাস্থলীত উপস্থিত থকা আমাৰ সংবাদদাতাই জানিবলৈ দিয়ামতে ইতিমধ্যে আনাক’ণ্ডা সাপৰ পোৱালিটোৱে ইফালৰ পৰা সিফাললৈ দৌৰি দৌৰি গৃহস্থ শৰ্মাৰ লাই শাকডৰা তহিলং কৰিলে৷ লাই শাকডৰা সমূলঞ্চে ধ্বংস হোৱাত কেনেকুৱা অনুভৱ হৈছে বুলি শৰ্মাৰ পৰা জানিবলৈ বিচৰাত তেওঁ কয় যে, ”সাপৰ পোৱালিটো মৰমলগা হ’লেও, লোকেল মুৰ্গীৰ লগত খাবলৈ বুলি ৰোৱা লাইশাক ডৰা ধ্বংস কৰাত অন্তৰত বৰ আঘাত পাইছো”৷ ইপিনে বামুণৰ ঘৰত লুকাই চুৰকৈ মুৰ্গী খোৱা গোপন কথাটিৰ সমজুৱাকৈ ভেদ ভাঙি দিয়াত ”সদৌ অসম ব্ৰাহ্মণ জনজাতি সন্থা” জাঙুৰ খাই উঠে আৰু সন্থাৰ এক জৰুৰী বৈঠকত শৰ্মাক তীব্ৰ গৰিহণা দিয়ে৷ লগতে সন্থাই শৰ্মাৰ লগত বামুণৰ ছোৱালী বিয়া নিদিয়াৰ এক প্ৰস্তাব গ্ৰহণ কৰে আৰু শৰ্মাৰ নাক কটা যাবলৈ শাও দিয়ে৷

ইপিনে ছচিয়েল নেটৱৰ্কিং ছাইট সমূহতো ঘটনাসমূহৰ ব্যাপক চৰ্চা আৰম্ভ হৈছে৷ শৰ্মাৰ ঘৰত আনাক’ণ্ডা ওলোৱা কাৰবাৰটোত বহুতে ৰহস্যৰ গোন্ধ পাইছে আৰু ফেচবুকৰ এটা গোটত কিছুমানে এয়া শৰ্মাৰ ফেচবুকত লাইক খোৱাৰ কৌশল বুলিহে অভিহিত কৰে৷ শৰ্মাক এই বিষয়ে সোধোতে তেওঁ একো নকৈ কেৱল এল ও এল (LOL) বুলি মিচিকিয়া হাঁহি এটা মাৰি আঁতৰি যায়৷

সাপটো ওলোৱাৰ পিছত ঘটা বিভিন্ন ঘটনাৰাজি তথা ৰাইজৰ প্ৰতিক্ৰিয়া সম্বন্ধে এক ”সামগ্ৰিক বিশ্লেষণ” কৰিবলৈ আমাৰ ষ্টুডিঅ’ৰ মজিয়াত ক্ষন্তেক পিছতে হাজিৰ হ’বহি ছৈয়দ ফাৰাৰ হুছেইন আৰু ফুটনি ভূঞা৷ চাবলৈ নেপাহৰিব৷

পুনৰবাৰ মনত পেলাই দিছো, চাবলৈ নেপাহৰিব ছৈয়দ ফাৰাৰ হুছেইন আৰু ফুটনি ভূঞাৰ ”সামগ্ৰিক বিশ্লেষণ” আমাৰ ”বিশেষ ঊনসত্তৰ মিনিট” অনুষ্ঠানত৷

গতিকে এতিয়া বিদায় মাঙিছো আপোনালোকৰ মাজৰ পৰা কেমেৰাপাৰ্চন কৰণ আয়ৌদেহিৰ সৈতে নাটাছা ক’তে মৰো মই৷ বাবাবাইইইই৷ টেন টেনেন৷

০৯.১২.১৩

মতামতসমূহঃ

comments powered by Disqus