স্বস্তিকা- কোনো ভাল কামৰ আৰম্ভণি




মৃদুল কুমাৰ শৰ্মাৰ ব্লগ

ড্ৰাকুলাৰ অশ্ৰু

 

“ঐ, তহঁতৰ ইমাননো ভোকনে? বেঙেনা লাগিবই পোৱা নাই, পাতকেইটাকে কুটি শেষ কৰিলি৷’ পিঠিত হালধীয়া সেউজীয়া ৰঙ থকা ঘূৰণীয়া পোককেইটাক উদ্দ্যেশ্যি ড° মহন্তই ভোৰভোৰালে৷ বিল্ডিঙৰ চাদৰ ওপৰতে সৰু পাচলি বাগিচা এখন পাতিছিল৷ যোৱাবছৰেই ত্ৰিশটামান সৰু সৰু টাব, দহটামান চালানী মাছ কঢ়িওৱা থাৰ্মাকলৰ বাকচ গোটাই ব্ৰহ্মপুত্ৰৰ বালি আনি, শুকান গোৱৰ গোটাই বৰ কষ্টেৰে ভৰাই বিলাহী, বেঙেনা, জলকীয়া এসোপামান ৰুলে৷ ভাৱটো এইটোৱে যে বিলাহী মাছৰ লগত আৰু বেঙেনা বেচনেৰে ভাজি উদৰ পুৰাই খাব৷ পিছে বিলাহী হ’লগৈ কণবিলাহী, বেঙেনা ওলালগৈ সেউজীয়াবিধ৷ যোৱাবাৰ কণবিলাহী ডাইলত দিয়ে খোৱা হ’ল৷ বেঙেনাৰো তৰকাৰীয়েই গতি হ’লগৈ৷

সেইবাবে এইবাৰ ডাঙৰ বিলাহী আৰু বেঙুনীয়া বেঙেনাৰ ভাল সঁচ দুটামান গোটালে অ’ৰ ত’ৰ পৰা৷ তাকেই পুৱা টাবত মাটি খুচৰি, সন্ধিয়া পানী দি আপডাল কৰে বৰ মৰমেৰে৷ আলহী আহিলে আগ্ৰহেৰে দেখুৱায় নিজৰ মৰমৰ বাগিচাখন৷

পোককেইটামান আলফুলে ধৰি নি চাদৰ পৰা তললৈ পেলাই দিলে ড° মহন্তই৷ নাঃ, ধুনীয়া পোককেইটা মাৰি পেলাবলৈ সত নগ’ল৷ পোককেইটায়ো ’দীৰ্ঘায়ু ভৱঃ’ বুলি আশীৰ্বাদ এটা দি ভুৰুঙকৈ উৰা মাৰিলে৷

চাদৰ পৰা নামি আহি হাতদুখন ধুই শ্ৰীমতীক মাত লগালে, ’কুন্তলা, চাহ একাপ দিয়াহে৷’

’হৌৰা, পুৱাৰ পৰাই ছকাপ খালাই দেখোন৷ আৰু খোৱানে?

’আসঃ, ক’তনো ছকাপ খালো, চাৰিকাপহে খালো৷’

’একেই দিয়াচোন, চাৰিকাপ আৰু ছকাপ’৷ কিমান যে চাহ খাব পাৰে এই মানুহটোৱে৷ এইবুলি কুন্তলা পাকঘৰলৈ সোমাই গ’ল৷ জানেই তেওঁ চাহকাপ নিদিলে মুখখন ফুলি থাকিব মানুহজনৰ৷

চাহকাপ হাতত লৈ মহন্তই ক’লে, ’আজি দেখোন গাটো কিবা বেলেগ বেলেগ লাগি আছে৷ প্ৰেচাৰটো চেক কৰাব লাগিল৷’

কুন্তলাই মাত লগালে, হেৰা শুনা অকল প্ৰেচাৰটোৱে নহয়, ব্লাডৰ ৰুটিন চেকআপটোকে কৰাই লোৱা আজি৷ ছমাহৰৰ মূৰে মূৰে লিপিড প্ৰফাইল চেক কৰাব কৈছিল নহয় ডা° দাসে৷

অ’ ঠিকেই কৈছাহে৷ ছমাহ হ’লেই দেখোন৷ যাওঁৱেই ৰ’বা৷ আজি পিছে ক্লাছো চাৰে নটাতে আছে৷ ড্ৰাকুলাক তেজ দি সোনকালে ঘূৰি আহিব লাগিব৷

পেণ্টটো পিন্ধি চাৰ্টৰ বুটাম লগাই লগাই তেওঁ ওলাই গ’ল৷ বাহিৰত চিপচিপকৈ বৰষুণ পৰিবলৈ আৰম্ভ কৰিছে৷ ঘৰৰ পৰা হেল্থ চেণ্টাৰটো চাৰি মিনিটৰ বাট গাড়ীৰে গ’লে৷ ঘড়ীত তেতিয়া কাটাই কাটাই আঠ বাজিছিল৷ হেল্থ চেণ্টাৰৰ কৰ্মীসকল নিয়মমতে সাতটা পঞ্চল্লিছত আহি পাব লাগে যদিও আহি পাওঁতে আঠ- আঠটা দহ মানেই পায়গৈ৷

হেল্থ চেণ্টাৰ পাই দেখে যে বেলেগ ৰোগী কোনো গৈ পোৱা নাই এতিয়াও৷ মানে শাৰীত থাকিব নালাগে যেতিয়া সোনকালেই হ’বগে’৷ চেণ্টাৰটোত দুজন ডাক্তৰ, তিনিজনী নাৰ্চ আৰু ড্ৰাকুলা দুজন৷

মহন্তই কাম কৰা প্ৰতিষ্ঠানটোৱে ভাল বৱস্থা কিছুমান লৈছে৷ বছৰত দুবাৰ সকলো অধ্যাপক, বিষয়া, কৰ্মচাৰীৰে বিনামূলীয়াকৈ ৰক্তপৰীক্ষা কৰোৱা হয় হেল্থ চেণ্টাৰত৷ আৰু প্ৰায় সকলোৱে এই সুবিধাটো লয়েই৷ সেয়ে ডাক্তৰক চিনি নাপালেও তেজ লোৱা কৰ্মচাৰী দুজনক সকলোৱে চিনি পায়৷ এওঁলোক দুজনৰ নাম এটা দিছিল কোনোবা এজনে ড্ৰাকুলা বুলি৷ তেজ শুহি নিয়ে বাবে ড্ৰাকুলা৷ কথাটো লৈ সকলোৱে কিছু হাঁহি ধেমালি কৰে৷ তেওঁলোকৰ সন্মুখত অৱশ্যে কোনেও নকয়৷

আঠটা পোন্ধৰ হৈ গ’ল৷ ইতিমধ্যে দুজনমান গোট খাইছিলহি তেজ পৰীক্ষা কৰাবলৈ৷ মহন্তৰ এবাৰ ঘড়ীটোত চকু পৰাত উচ পিচ লাগিল৷ দেৰি হ’ব ধৰিছে৷ ঘৰলৈ গৈ গা-পা ধুই ভাত খাই ক্লাছলৈ যোৱালৈ দেৰিয়েই হৈ যাবগে দেখোন৷ এবাৰ বহি থকাৰ পৰা উঠি আহি বাৰাণ্ডাৰ পৰা চায় যে বৰষুণ জোৰকৈ দি আছে৷ উভতি আহি তেখেতে ভোৰভোৰাবলৈ ধৰিলে, ইমান দেৰি কৰিছে, সময়ৰ মূল্য বুজি নাপায়৷ ওচৰত বহি থকা এজনে ক’লে, চাৰ কিবা কৈছে?

’এহ্‌, চাওকচোন ইমান দেৰি কৰিছে৷ ইমান সময়ে ঘৰেই গৈ পাব লাগিছিল৷ এতিয়ালৈকে দেখা দেখিয়েই নাই৷ সময়ৰ মূল্যই বুজি নাপায় এওঁলোকে৷ নামত চাকৰিটো কৰিছে আৰু৷ চিনচিয়াৰিটি বোলা বস্তুটোৱেই নাই৷’

আঠটা বাজি আঠাইছ মিনিট গ’ল৷ এনেতে হেঁপাই ফোঁপাই ছোৱালী এজনী আহি ওলালহি৷ ছাটিটো জপাই দিয়াত দেখা গ’ল বৰষুণে ভালদৰেই মৰম কৰিলে৷ ওপৰ মহলালৈ চিৰিৰে প্ৰায় দৌৰি যোৱাৰ উঠি যাওঁতে বেচেৰীয়ে গাত লিপিট খাই ধৰা কাপোৰযোৰ পাৰ্য্যমানে ঠিক কৰি গ’ল৷ এজনে ক’লে, এওঁ নতুনকৈ আহিছে৷ এমাহ হৈছে৷

আঠটা ছল্লিছ৷ এইবাৰ মহন্তই বহাৰ পৰা উঠি কাষৰ কোঠাটোত থকা নাৰ্চ এগৰাকীক ক’লে ছোৱালীজনীক মাতি দিবলৈ৷ নাৰ্চে চিঞৰ এটা মাৰিলে, ঐ ৰিমলি, সোনকালে আহ৷ চাৰ ৰৈ আছে কেতিয়াবাৰ পৰাই৷

পাঁচমিনিট পিছত ওপৰৰ পৰা হুৰমূৰকৈ ৰিমলি নামি আহিল৷ পিন্ধনত য়ুনিফৰ্ম৷ মানে চেলোৱাৰৰ ওপৰত বগা এপ্ৰন এটা৷ তাইক অহা দেখি মহন্তই ৰোগীৰ তেজ লওঁতে বহিবলৈ দিয়া বহল হাতদানী থকা চকীখনত বহি ল’লে আগে ভাগে৷ বাহিৰত কোনোবা এজনে ক’লে, চাৰে আজি বজাব ড্ৰাকুলাক ভালকৈ৷

ড° মহ্ন্ত যে সময় সম্পৰ্কে বেচ সচেতন সেইটো সকলোৱে জানে৷ ক্লাছত কোনোবা দেৰিকৈ আহিলে সোমাবলৈ নিদিয়াটো সৰু কথা, এবাৰ হেনো কিবা ভাইভা এটাত ডীনকে এজাউৰি দি দিলে দেৰিকৈ অহাই৷ ডীনে হেনো থতমত খাই গৈছিল৷

’হেৰা, তোমালোকৰ অফিচ টাইম কেতিয়াহে?’

’চ’ৰি চাৰ৷ মস্ত বৰষুণ দি আছিল৷ ছাটিয়েও কাম দিয়া নাছিল৷ ভিজি ভিজি আহিছো৷ দেখিছেই দেখোন৷’

’বেমাৰে জানো বৰষুণৰ বাবে ৰৈ থাকিব?’, চোলাটোৰ হাতখন কোঁচাই কোঁচাই ৰিমলিৰ ফালে চাই সুধিলে৷

’চ’ৰি চাৰ’, ৰিমলিৰ মাতটো থোকাথুকি হ’ল৷

’গাত জুই লগাই দি চ’ৰি ক’লেই জানো জ্বলনটো কমি যাব?’, আকৌ এটা খোঁচ৷

’চ’ৰি চাৰ’, স্পিৰিট লগোৱা তুলা এটুকুৰাৰে তাই মহন্তৰ হাতৰ কিলাকুটিৰ ওপৰৰ শিৰা ওলাই থকা অংশখিনিত লাহে লাহে মচিবলৈ ধৰিলে৷

’তুমি চ’ৰি কৈছা ঠিকেই আছে কিন্তু তোমাৰ আচৰণত মই ইমাৰ্জেন্সি ভাৱটো দেখা পোৱা নাই৷ ইমান দেৰিৰ পৰা ৰৈ আছো ইমান কেইজন মানুহ৷ দহজন মানুহৰ আধা ঘণ্টাকৈ মুঠ পাঁচ ঘণ্টা লোকচান কৰালা তুমি৷ জানানে নেপ’লিয়ন বনাপাৰ্টে মাত্ৰ পাঁচ মিনিটৰ কাৰণে ৱাটাৰ্লু যুদ্ধ হাৰিছিল?’

ৰিমলিৰ চকুৰে গংগা- যমুনাৰ ঢল নামি আহিল৷ চিৰিঞ্জটোত নিডিলডাল লগাই আগবঢ়াই নিওঁতে মহন্তৰ হাততে দুটোপাল সৰি পৰিল৷

’হে হৰি, মই তোমাক গালি দিয়া নাই নহয়৷ নাকান্দিবাচোন৷ তোমাৰ চকুপানী পৰি মোৰ এতিয়া তেজখিনিয়ে পনীয়া হৈ যাব দেখোন৷’

উচুপি উচুপি ৰিমলিয়ে বাওঁহাতখনৰ ঠাৰিৰে চকুদুটা মৰি ল’লে আৰু চিৰিঞ্জটো আগুৱাই নিলে৷ মহন্তই চকু দুটা মুদি দিলে সম্ভাব্য খোঁচটোৰ কথা ভাবি৷

’উ মা, দুখ পাইছো, আয়ৌ আয়ৌ মৰিলো ঔ’

নিডিলডাল সোমাই যোৱাৰ লগে লগে মহন্তই চিঞৰ এটা ফেঁকুৰিবলৈ ধৰিলে সৰু ল’ৰাৰ দৰে৷ এইবাৰ তেওঁৰ চকুত পানী৷

লিপষ্টিক লগোৱা ওঁঠৰ ফাঁকেৰে ৰিমলিৰ বগা দাঁতকেইটা ওলাই আহিল৷ হাঁহি এটা লৈ৷

ঘৰ আহি পাই কাপোৰ সলাই গা ধোৱা ঘৰত সোমাবলৈ লওঁতে কুন্তলাই সুধিলে, ড্ৰাকুলাই কিমান তেজ শুহিলে?

’আজি ড্ৰাকুলা নহয়, ড্ৰাকুলীহে আছিল৷’

৩১.০৩.১৭

বিঃদ্ৰঃ- এই কাহিনীটোৰ প্লটটো দিলে ড° জিতেন কলিতা চাৰে৷ ধন্যবাদ চাৰ৷

মতামতসমূহঃ

comments powered by Disqus