স্বস্তিকা- কোনো ভাল কামৰ আৰম্ভণি




মৃদুল কুমাৰ শৰ্মাৰ ব্লগ


সংকল্প


“এইবছৰটো এনেকৈয়ে গ’ল
অহাবছৰ কিবা এটা কৰিব লাগিব৷”

ৰ’বচোন, এনেকুৱা সংকল্প এটা ফট্‌কৈ লৈ নল’ব৷

ভাৱকচোন, যোৱাবছৰত দেখোন আপুনি চিটিবাছত দুদিন ভাৰা নিদিলেই৷

-এই বছৰ দিম৷

ভাৱকচোন, যোৱাবছৰত দেখোন আপুনি ইন্সুৰেন্সৰ প্ৰিমিয়াম নিদিলেই৷

-এই বছৰ দিম৷

যোৱাবছৰৰ একত্ৰিশ ডিচেম্বৰৰ ৰাতি
আপুনি আপোনাৰ শ্ৰীমতীৰ কাণে কাণে কৈছিল, “আই লাভ য়ু, এণ্ড আই ৱিল অলৱেইজ লাভ য়ু”৷

পিছে, বেংককত আপুনি চাগে সূৰ্য্য নমস্কাৰ শিকিবলৈ গৈছিল!

-নিচা বেছি হৈছে নেকি? মোৰ সংসাৰত জুই লগাব খুজিছা? য়ু লুচিফাৰ৷

ধেই, কি যে কয়! মইতো সদায় আপোনাৰ ৱেল উইছাৰ৷

পিছে, এটা কথা কওকচোন৷

আপুনি বিজেপিৰ এজেণ্ট নে কংগ্ৰেছৰ দালাল নে চিপিএমৰ ঢামাধৰা??

নে আপুনি এজিপিৰ হৈ ’ক্ষমাপ্ৰাৰ্থী’?

- অসঃ, কি খালা বাৰু আজি তুমি? আনকালে দেখোন ’চ’বাৰ’ হৈয়ে থাকা!

সেইবোৰ বাদ দিয়ক৷ ’হেপী নিউ ইয়েৰ’৷ আগতে এইটো কওক-

আপুনি ’টলাৰেণ্ট’ নে ’ইনটলাৰেণ্ট’৷

ৰাতিপুৱা ’শৌচ খোলোচা মন্ত্ৰ’টো পঢ়ি কিবা ফল পাইছেনে? নে এতিয়াও ত্ৰিফলা খায়েই আছে?

-তোমাৰ বহুত নিচা হৈছেহে৷ নেমু এটুকুৰা খাবা নেকি?

হ’বতো! কেলেই নহ’ব? C2H5OH ইজ দা ফৰ্মুলা অফ ইথানল৷ ইটছ্‌ এ হাইড্ৰ’কাৰ্বন৷

- আগৰ প্ৰেয়সীজনীৰ কথা মনত পৰিছে নেকি?

কাম অন য়াৰ!

মই প্ৰেমনাথ! মই ভিলেইন৷ আৰু তুমি হ’লা এটা গানৰ অমিতাভ৷

-ধেই কিবা৷

কওকচোন, ঠাকুৰ চাহাবে গব্বৰক কিয় নামাৰিলে?

-নাজানো৷

হাঃ হাঃ, এইটোও নাজানে৷

কাৰণ গব্বৰক মাৰিলে যে ঠাকুৰ চাহাব দফা ৩০২ ত ফঁচি যাব৷ আফটাৰ অল ঠাকুৰ চাহাবতো ’মাইনৰ’ নহয়৷

-ধেই! কিয় ইমান চোবাইছা বাৰু?

হেঃ হেঃ, চোবোৱা নাই দিয়ক৷ আপোনাৰ হে ষ্ট্ৰেছ লেভেল বেছি হৈছে৷ আইচ দিম নেকি দুটুকুৰা?

-মাৰিব খুজিছা? ডিঙি ফুলি যাব মোৰ৷

কণ্ঠৰূদ্ধ কোনো ইণ্টেলেকচুৱেলৰ….. লা লা লা

- পাগল হৈছা৷ মই ইণ্টেলেকচুৱেল?

য়েছ্‌৷ আপুনি ইণ্টেলেকচুৱেল৷ পিছে এটা কথা কওকচোন৷

আপুনি ’ব্লাডি’নে ’নন-ব্লাডি’ ইণ্টেলেকচুৱেল? নে ’আন-ব্লাডি ইণ্টেলেকচুৱেল’?

হাঃ হাঃ হাঃ, অপৰাধ বিনাশন৷ প্ৰি-প’জিছন পাহৰিলো৷

অপ’জিছনেই ভাল৷ ছেইফ প্লে’৷ খেলক খেলক৷ ভাৰত ৰত্ন দিম দিয়ক৷

-ধেই৷ মই নিৰপেক্ষ দেই৷ আৰু বঁটাৰ লোভ মোৰ কাহানিও নাই৷

জানো জানো৷ আপুনি জ্বালা বটা নাখায় বুলি জানো৷

পিছে মইহে বহু পজিছন শিকিলো৷ এতিয়া ভাবিছো-

এমেলে খেলো নে এমপিকে খেলো৷ খুউব জমেগা ৰং! জব মিল বেইথেংগে আপ, মে অউৰ মেৰা পজিছন৷

হাঃ হাঃ হাঃ৷

- ’ভাতটো’ খাই দিয়া ভাল হ’ব নেকি?

কেলেই, ডাইল নাই নেকি লগত? গোটবন্ধন কেনেকৈ কৰিব? হা? পিঁয়াজেৰে? দাম কমিছে জানো? লাখত মান্তি হ’ব জানো?

- উফঃ, এক্সট্ৰিইম দেই৷ প্লিজ, পেগটো শেষ কৰা৷

আসঃ, মই সুৰাপান কৰো৷ ই মোৰ নিচা৷ আৰু আপুনি হ’ল এটা গানৰ মুৰ্গা৷

-আই ৱিল কিল য়ু৷

বাট আই লাভ য়ু৷ ষ্ট্ৰেটেজিক এলায়েন্স৷

- হেপী নিউ ইয়েৰ~

হেপী নিউ ইয়েৰ টু য়ু এণ্ড য়’ৰ ফেমিলী টু!


৩১.১২.১৫



মতামতসমূহঃ

comments powered by Disqus