স্বস্তিকা- কোনো ভাল কামৰ আৰম্ভণি




মৃদুল কুমাৰ শৰ্মাৰ ব্লগ


ছাতি বিচাৰি


সপোন এটা ভালদৰে
চাম বুলি লওতেই
উজাগৰী ৰাতি এটাই
পোখাইছিল
তাৰ ডাল পাতবোৰ৷

শব্দবোৰ জুমুঠিয়াবলৈ ধৰোতে
সিহঁত
উফৰি পৰিছিল
আজুৰি আনিব
নোৱৰাকৈ৷

অদূৰত সৌ আমজোপাত
কুলিটোৱে অকলশৰে
গান এটা জুৰিছিল৷
ব’হাগে চাগৈ তাৰ
মনেই
ভৰাব নোৱাৰিলে৷

মায়ামৃগই হয়তো
দৌৰাইছে তাকো৷
হয়তো মোকো৷

কোনোবাখিনিতে ভাব
এটা হয়৷
বৰষুণজাক চাগৈ নহা হ’লেই
ভাল আছিল৷
বৰষুণত তিতাৰ
হেঁপাহটোৱেই চাগৈ
নোপজিবলগীয়া আছিল৷

পাখি শুকুৱাবলৈ
কষ্ট বৰ হয়৷
পানীত থকা
মাছে
তাক বুজিব নোৱাৰে৷

নিকিনো বুলি
ভাবি থকা
ছাতিটোৰ দাম অনেক৷
খুটাৰ ভঙনীয়া পইচাবোৰ
মোৰ যে
বৰ আদৰৰ আছিল৷

০৩.০৫.১৭


মতামতসমূহঃ

comments powered by Disqus