স্বস্তিকা- কোনো ভাল কামৰ আৰম্ভণি




মৃদুল কুমাৰ শৰ্মাৰ ব্লগ


শৰ্মাজ স্পেশ্যেল পানীলাওৰ পায়স

যোগাৰ: আমুল তাজা আধালিটাৰ, কুমলীয়া পানীলাও আধাফাল, চেনি আঠচামুচ, মাৱা আধাপোৱা, ইলাচী দুটা৷

প্ৰস্তুতি: পানীলাওৰ বাকলি গুচাই ৰোকোনাৰে ৰুকি লওক ঠিক নাৰিকলৰ চিৰাৰ দৰে৷ বেছি মিহি কৰিলে পানী উঠি যাব৷ এতিয়া এটা চচপেন জাতীয় পাত্ৰত ঠাণ্ডা পানী লৈ তাত ৰোকা লাওখিনি দি দিয়ক৷ গৰম পানীত নিদিব দেই৷ পানীখিনি গৰম হৈ চুব নোৱৰা হ’লে জুইৰ পৰা নমাই এটা চাউল ধোৱা খাৰৈত বাকি দিয়ক৷ পানীখিনি যাতে একেবাৰে নামি যায় সেইটো লক্ষ্য ৰাখিব৷ যিমানেই শুকান হয় সিমানেই ভাল৷

এতিয়া এটা কেৰাহী ধুই লৈ জুইত উঠাই দিয়ক৷ কেৰাহীটো গৰম হ’লে তাত এবাতি পানী ঢালি দিব৷ পানীখিনি চেনচেনাই উঠিব আৰু কেৰাহীটো লৰাই পানীখিনি পেলাই দিব৷ এইটো কৰিলে কেৰাহীত যদি আগতে ৰন্ধা কিহবাৰ গোন্ধ থাকিও যায় গুচি যাব৷ কেৰাহীটো পুনৰ জুইত দি তাত গাখীৰখিনি ঢালি দি তাত দুকাপ পানী দি উতলিবলৈ দিয়ক৷ উতল মাৰিব ধৰিলে তাত চেনিখিনি দি দিব৷ মাজে মাজে লৰাই দিব নহ’লে তলত লাগি যাব পাৰে৷

এতিয়া এখন ফ্ৰাইং পেন গৰম কৰি তাত কেইচামুচমান ৰিফাইন তেল দিব৷ তেল একেবাৰে কমকৈ নিদিব৷ তেল গৰম হ’লে তাত লাওখিনি দি লাহে লাহে ভাজিব৷ বেছিকৈ হেতাৰে নলৰাই পেনখন লৰাব চেষ্টা কৰক৷ হেতাৰে বেছিকৈ লৰালে লাওখিনি গুৰি হৈ যাব পাৰে৷ জুই পূৰাকৈ দিব নহ’লে পানী উঠি যাব৷ আধা ভজা হোৱা যেন পালে জুই নুমুৱাই দিব৷

গাখীৰখিনি উতলি ওপৰত চামনি বান্ধিব ধৰা যেন পালে তাত মাৱাখিনি গুৰি কৰি দি দিব৷ মাৱা যিকোনো মিঠাইৰ দোকানতে পাব৷ কেৱল আগতীয়াকৈ কৈ থব৷ এতিয়া গাখীৰখিনি লৰাই থাকিব আৰু মাৱাখিনি যাতে গুৰি হৈ সম্পূৰ্ণৰূপে গলি যায় সেইটো নিশ্চিত কৰিব৷ গাখীৰখিনি কিছু শুহিবলৈ দিব৷

মাৱাখিনি গলি গ’লে গাখীৰৰ ৰঙটো সামান্য মুগাবৰণীয়া হ’ব৷ এতিয়া তাত ভাজি থোৱা লাওখিনি দি অলপ লৰাই থাকিব আলফুলে যাতে লাওখিনি কোনোপধ্যেই গলি যাব নাপায়৷ অলপ সময়ৰ পাছত জুই নুমাই ঠাণ্ডা হ’বলৈ দিব৷ জুই নুমুৱাৰ পিছতো লাহেকৈ দুবাৰমান লৰাব নহ’লে মখা বান্ধিব পাৰে৷ শেষত ইলাচি ভালদৰে দুটা গুৰি কৰি পায়সৰ ওপৰত চটিয়াই দিব৷

২৫.১২.১৬

মতামতসমূহঃ

comments powered by Disqus