স্বস্তিকা- কোনো ভাল কামৰ আৰম্ভণি




মৃদুল কুমাৰ শৰ্মাৰ ব্লগ

ধূম্ৰপান ত্যাগ কৰো আহক- ব্যক্তিগত অভিজ্ঞতাৰ আলমত দুআষাৰ

 

ধূম্ৰপান একধৰণৰ শাৰিৰীক তথা মানসিক নিচা৷ অৱসাদ, দুঃচিন্তা, খং, ভয়, কামৰ চাপ, উদ্বিগ্নতা, নিঃসংগতা আদিয়েই হ’ল বেছিভাগ ধুম্ৰপায়ীয়ে ধূম্ৰপান কৰাৰ মূখ্য কাৰণ৷ কোনো এটা বেয়া দিনত এজন ধুম্ৰপায়ীৰ বাবে চিগাৰেট কেইটাই একমাত্ৰ বন্ধু হৈ পৰে৷ ধুম্ৰপানে উপৰ্যুক্ত কাৰক সমূহৰ পৰা ক্ষন্তেকীয়া উপশম ঘটাব পাৰে বুলি বেছিভাগ ধুম্ৰপায়ীয়ে স্বীকাৰ কৰে৷̀

ধূম্ৰপান পৰিত্যাগ কৰাৰ প্ৰয়োজনীয়তা বিতৰ্কৰ উৰ্দ্ধত। ধূম্ৰপানৰ লগত জড়িত স্বাস্থ্যৰ ক্ষতি কৰিব পৰা ব্যাধি সমূহ সকলোৱে জানে৷ অ-সোঁচৰা ৰোগসমূহৰ ভিতৰত ধূম্ৰপানেই পৃথিৱীৰ আটাইতকৈ বেছি লোকৰ মৃত্যু ঘটায়৷ মই ইয়াত সেই ব্যাধি সমূহৰ বিষয়ে আলোচনা নকৰো। ইয়াত ব্যক্তিগত অভিজ্ঞতাৰ আলম লৈ ধূম্ৰপান কেনেকৈ এৰিব পাৰি এই বিষয়ে কিছু কথা আগবঢ়োৱা হৈছে৷

মই যোৱা পোন্ধৰ বছৰে ধূম্ৰপান কৰি আহিছো (আহিছিলো)। যোৱা সাত বছৰে মই ৰাতি ৰাতি ১২ ৰ পৰা ২০ টা গ’ল্ড ফ্লেক কিং ছাইজ খাই আহিছো। কেতিয়াবা তাতোকৈ বেছি হৈছিল (সৰ্বাধিক ৩৯ টা এৰাতিৰ ভিতৰত!!)। মই সাধাৰণতে সন্ধিয়া আৰু ৰাতিহে ধূম্ৰপান কৰিছিলো। দিনত খাবলৈ মন নগৈছিল। মোৰ বন্ধু সকলে কৈছিল যে এইটো হেনো এক আচৰিত অভ্যাস।

চিগাৰেট এৰিবলৈ মই বৰ সহজ পাইছিলো আৰু মই মোৰ জীৱনত কমেও কুৰি বাৰ চিগাৰেট খোৱা এৰিছো!! কিন্তু অতি সহজে পুনৰ আৰম্ভ কৰিছিলো। কথাটো হাঁহি উঠা যদিও ইয়ে সত্য। বহু বাৰ মই প্ৰতিজ্ঞা কৰিছিলো যে “অহা এমাহৰ বাবে মই চিগাৰেট নেখাওঁ”। যদিও তেনেক্ষেত্ৰত মই প্ৰতিজ্ঞাটো ৰাখিছিলো তথাপি পুনৰ ধূম্ৰপান কৰা আৰম্ভ কৰিছিলো। এবাৰ তেনেকৈ মই সম্পূৰ্ণ এবছৰ নোখোৱাকৈ আছিলো আৰু এবছৰ পূৰ হোৱাৰ লগে লগে আকৌ আৰম্ভ কৰি দিলো। হয়তো মই এনেকৈ ভাবিছিলো যে “মই এৰিব পাৰিম কিন্তু পিছত কেতিয়াবা এৰিম”। আৰু মই খোৱা চিগাৰেটৰ সংখ্যা দিনক দিনে বাঢ়ি গৈছিল। লাহে লাহে মই compulsive নৈশ ধূম্ৰপায়ী হৈ পৰিছিলো। ঘৰত খাবলৈ কিবা থাকক বা নাথাকক চিগাৰেট কিন্তু লাগিবই। কেতিয়াবা মই খোৱা বিশেষ ব্ৰেণ্ডটো বজাৰৰ পৰা নোহোৱা হৈ যায় আৰু সেই কেইদিন কোনো কোনো বন্ধুৰ সহায়ত বা ক’লা বজাৰৰ পৰা চ’ৰা দাম দি কিনিব লগা হৈছিল।

২০১১ চনৰ নবেম্বৰ মাহৰ কোনো এটা দিন, সঠিক তাৰিখ মনত নাই। গুৱাহাটীত হ’বলগীয়া এটা অফিচিয়েল কাৰ্য্যসূচীত যোগ দিবলৈ এদিন আগতে ৰঙিয়াৰ ঘৰত আহি উপস্থিত হ’লোহি। সেই ৰাতি মোৰ এটা ভয়ানক শ্বাস-প্ৰশ্বাস জনিত সংক্ৰমণ আৰম্ভ হ’ল। আনকি মই ভালদৰে কথাও ক’ব নোৱাৰা হ’লো। কিন্তু কাৰ্য্যসূচীটো বৰ গুৰুত্বপূৰ্ণ আছিল বাবে পিছদিনা দাদাক সুধিলো মোক গুৱাহাটীলৈ লৈ যাব পাৰিব নেকি। সি পাৰিম বুলি কোৱাত তেনেকৈয়ে গ’লো পিছে দেৰঘণ্টা মান থকাৰ পিছত মোৰ অৱস্থা কাহিল দেখি বছে ঘৰলৈ গুচি আহিব ক’লে। মোৰ ঘৰত কোনেও মই চিগাৰেট খোৱা কথাটো নাজানে আৰু জানিলেও হয়তো ভাবে যে ল’ৰা ডাঙৰ হৈছে। ঘৰত থাকিলে মই সকলো শোৱালৈকে অপেক্ষা কৰি থাকো আৰু বাহিৰলৈ আহি ১২-১ টা মান বজাত ৬-৭ টা চিগাৰেট এটাৰ পিছত এটাকৈ হুঁপো। কিন্তু সেইদিনা মই সেইটো নকৰিলো আৰু এখন উপন্যাস পঢ়ি পঢ়ি শুই পৰিলো এটাও চিগাৰেট নটনাকৈ।

পিছদিনা সাৰ পাই উঠি উপলব্ধি কৰিলো যে আচৰিত ধৰণে মই সম্পূৰ্ণ এটা ৰাতি চিগাৰেট নোখোৱাকৈ কটালো! তেতিয়াই ভাবিলো যে মই নিশ্চয় অকৌ এটা চেষ্টা দি চাব পাৰো ধূম্ৰপান কৰা এৰিবলৈ।

কৰ্মক্ষেত্ৰলৈ ঘূৰি অহাৰ পিছত কিছুদিন চিগাৰেট নোখোৱাকৈ কটালো যদিও এৰাতি বেগত থকা অৱশিষ্ট দুটা চিগাৰেট খাই শেষ কৰিলো। আৰু ২০১১ চনৰ ৩১ ডিচেম্বৰ তাৰিখে সহকৰ্মী এজনৰ পৰা এটা চিগাৰেট ধাৰলৈ আনি জীৱনৰ শেষ চিগাৰেটটো খালো। আৰু তাৰপিছত আজিলৈকে মই এহোপাও মৰা নাই!

কিন্তু এই কামটো ইমান সহজ নাছিল। ধূম্ৰপান একেবাৰে এৰাটো ইমান সহজ কাম নহয়। সকলো নিচাৰ ভিতৰত ধূম্ৰপানৰ নিচাই আটাইতকৈ লিকটা। কিন্তু সেইবুলি ধূম্ৰপান এৰাটো অসম্ভৱ নহয়। ধূম্ৰপান কেনেকৈ এৰিব পাৰি এই বিষয়ে ইণ্টাৰনেটত অসংখ্য লিখনি পোৱা যায় কিন্তু মই ব্যক্তিগত অভিজ্ঞতাৰ পৰা পোৱা কথা খিনিহে উনুকিয়াম কিয়নো ইণ্টাৰনেটত পোৱা Nicotine Replacement Therapy জাতীয় কিছুমান উপায়ৰ সৈতে মই একমত নহয়।

ধূম্ৰপান এৰাৰ কাৰণে দিন বাৰ চাবলৈ কোনো জ্যোতিষীৰ ওচৰলৈ যোৱাৰ দৰকাৰ নাই। যিকোনো দিনেই ভাল দিন। কোনো বন্ধুৰ মতামত লোৱাৰ প্ৰয়োজনো নাই কিয়নো তেওঁ আপোনাক নিৰুত্সাহিত কৰিব পাৰে বিভিন্ন কথা কৈ যেনে, ধূম্ৰপান বৰ বেছি ২১ দিনলৈ নোখোৱাকৈ থাকিব পাৰি তাৰ পিছত আকৌ আৰম্ভ হৈ যাব ইত্যাদি ইত্যাদি। এটা কথা মনত ৰাখিব যে ভুক্তভোগী আপুনি আৰু আপুনিহে ধূম্ৰপান এৰিব বিচাৰিছে। গতিকে আপোনাৰ নিজৰ ইচ্ছাশক্তিয়েহে আপোনাক সহায় কৰিব। হাতত থকা সমষ্ট চিগাৰেট আটাইতকৈ লেতেৰা ঠাই এখনলৈ দলিয়াই দিয়ক, এগিলাচ পানী খাওক আৰু কেইখোজ মান খোজকাঢ়ক।

কেতিয়াও এই কথা ভুলতেও মনলৈ নানিব যে মই চিগাৰেট খোৱা লাহে লাহে কমাই এদিন সম্পূৰ্ণ ৰূপে এৰি দিম। এই ডাঙৰ ভুলটো আমাৰ বেছিভাগেই কৰে। আপুনি কেতিয়াও লাহে লাহে কমাই আনি পূৰাপূৰি এৰি দিব নোৱাৰে। আপুনি এবাৰতে সম্পূৰ্ণৰূপে এৰিব লাগিব।

এতিয়া যিহেতু আপুনি এটা অভিযান আৰম্ভ কৰিলে, আপোনাৰ সন্মুখলৈ অহা সকলো বাধা আপুনি দৃঢ়তাৰে পাৰ কৰিব লাগিব৷ আটাইতকৈ ডাঙৰ বাধাটো হ’ল নিকোটিনৰ craving❨দূৰ্বাৰ প্ৰয়োজন❩ ৰ পৰা ৰক্ষা পোৱাটো ৷ নিকোটিনৰ তীব্ৰ প্ৰয়োজনৰ পৰা ৰক্ষা পোৱাৰ উপায় আছে৷ যেতিয়াই আপুনি নিকোটিন সেৱন কৰাৰ তীব্ৰ প্ৰয়োজনবোধ কৰে, যদি বহি আছে থিয় হৈ দিয়ক বা যদি থিয় হৈ আছে বহি দিয়ক আৰু পাৰিলে কাৰোবাৰ লগত কথা পতাৰ চেষ্টা কৰক৷ যদি কিবা উত্তেজনাৰ কাৰণে চিগাৰেট খাবলৈ মন গৈছে তেতিয়াহ’লে একেলগে দুগিলাচমান পানী খাই দিয়ক৷ এনে কামবোৰ কৰাৰ মূল উদ্দেশ্য হৈছে চিগাৰেট খাবলৈ মন যোৱাৰ পৰা মনটোক বেলেগ কথালৈ ঢাল খুওৱাতো৷ মনটোক বেলেগ ফালে ঢাল খুৱাবলৈ আপুনি যি ইচ্ছা তাকে কৰিব পাৰে, কিন্তু-

কেতিয়াও অইন বিকল্পৰ সহায় নল’ব৷ ৭৫% সফল ধূম্ৰপান ত্যাগীৰ মতে তেখেতসকলে অইন কোনো বিকল্প যেনে, গুটকা, নিকোটিন গাম ইত্যাদিৰ সহায় নোলোৱাকৈ ধূম্ৰপান ত্যাগ কৰাত সফল হৈছে৷ এটা নিচা ত্যাগ কৰাৰ বাবে আন এটা নিচাৰ আশ্ৰয় নোলোৱাতোৱেই যুগুত৷ নিতান্তই প্ৰয়োজন হ’লে শৰ্কৰাবিহীন চিউইং গাম চোবাব পাৰে৷ কিন্তু ব্যক্তিগত ভাবে মই পানী খোৱাটোকেই বেছি ভাল বুলি ভাবো৷ পানীয়ে শৰীৰৰ বিষাক্ত আৰু বৰ্জ্য পদাৰ্থ সমূহ নিৰ্গমণত সহায় কৰে আৰু ”বিৰহ উপসৰ্গ”ৰ (withdrawal symptom) প্ৰকোপ কম কৰে৷ মাত্ৰ এটা সপ্তাহ পাৰহৈ যাবলৈ দিয়ক আৰু আপুনি অনুভৱ কৰিব যে আপোনাৰ ধূম্ৰপানৰ দূৰ্বাৰ প্ৰয়োজনীয়তা লাহে লাহে কমি আহিছে৷

আন এটা শত্ৰু হ’ল নিদ্ৰাহীনতা৷ ধূম্ৰপান ত্যাগ কৰাৰ পিছত ই প্ৰায়ে লগ দিয়ে আৰু বহুলোকে টোপনি অহা দৰৱৰ আশ্ৰয় লয়৷ অনুগ্ৰহ কৰি টোপনি অনাবলৈ দৰৱৰ আশ্ৰয় নল’ব কাৰণ ই আপোনাক সহায় নকৰিব এই ক্ষেত্ৰত৷ তাতকৈ টোপনি অনাবলৈ থ্ৰিলাৰ উপন্যাসৰ বাহিৰে আন কোনো বিষয়ৰ কিতাপ এখন পঢ়ক৷

অইন এটা আচৰিত শাৰিৰীক পৰিৱৰ্তন লক্ষ্য কৰিব পাৰে এইখিনি সময়ত৷ ওজন বৃদ্ধি৷ বিৰহ উপসৰ্গ হিচাপে আপোনাৰ শৰীৰৰ কিছু ওজন বৃদ্ধি ঘটিব পাৰে৷ কিন্তু ই সাময়িকহে আৰু লাহে লাহে স্বাভাৱিক অৱস্থালৈ আহি যাব৷ মোৰ ৪ কিলো ওজন বৃদ্ধি ঘটিছিল প্ৰথম দুমাহত৷ পিছলৈ অৱশ্য থিক হৈ গ’ল৷

খোজকঢ়াই হ’ল আটাইতকৈ ভাল ব্যায়াম শৰীৰ আৰু মনৰ বাবে আৰু ই ধূম্ৰপান ত্যাগ কৰাৰ অভিযানত বাৰুকৈ সহায় কৰে৷ ৰাতিপুৱা বা সন্ধিয়া অকণ খোজকাঢ়ি চাবচোন, আপোনাৰ গা মন ভাল লাগি যাব৷ ই টোপনি অহাতো যথেষ্ট সহায় কৰিব৷ খোজকাঢ়িলে শৰীৰৰ ওজনো নিয়ন্ত্ৰিত হৈ থাকিব৷ যেতিয়াই ধূম্ৰপান কৰিবলৈ মনটো লকলকাই উঠে জাপ মাৰি উঠি কেইখোজমান অগাদেৱা কৰক আৰু চাব আপোনাৰ মনৰ পৰা ধূম্ৰপানৰ লোভটো আঁতৰি গৈছে৷

যেতিয়া মানসিক অৱসাদে হেঁচা মৰি ধৰে আৰু ধূম্ৰপান কৰিবলৈ মন যায়, লাহে লাহে দীঘলকৈ উশাহ লওক আৰু কেই ছেকেণ্ডমান ধৰি ৰাখি লাহে লাহে নিশ্বাস এৰি দিয়ক৷ উশাহ লৈ থাকোতে কল্পনা কৰক যেন উশাহৰ লগত ভাল বস্তু কিছুমান ভিতৰলৈ গৈ আছে আৰু নিশাহ এৰাৰ সময়ত কল্পনা কৰক যেন নিশাহৰ লগত শৰীৰৰ পৰা বেয়া বস্তু বিলাক ওলাই গৈ আছে৷ এনেদৰে দুবাৰ মান কৰাৰ পিছত হঠাতে শৰীৰৰ সকলো মাংসপেশী একেলগে টান কৰি দিয়ক এবাৰতে ঢিলা কৰি দিয়ক৷ এনেদৰে কেইবাৰমান কৰিলে অৱসাদ বহুপৰিমাণে কমি যাব৷

কিছুমান ’বিশেষ’ বন্ধুৰ পৰা নিলগত থকাৰ চেষ্টা কৰক৷ আপুনি চিগাৰেট খোৱা এৰিবলৈ চেষ্টা কৰা বুলি এওঁলোকে জানে তথাপি আপোনাক ক’ব, মাত্ৰ এহোপা মাৰি চা৷ এওঁক কেঁকোৰাৰ নিচিনা৷ আপোনাক ধূম্ৰপান ত্যাগ কৰিবলৈ নিদিবলৈ প্ৰতিজ্ঞাবদ্ধ৷ এওঁলোকক খাৰাংখাচকৈ কৈ দিব, মই এৰিলো মানে এৰিলো আৰু এহোপাও নামাৰো৷ লাহে লাহে তেওঁলোকে আপোনাক আৰু জোৰ নকৰা হ’ব৷

আপোনাৰ ঘৰত বা আপোনাৰ কোঠাত কাকো চিগাৰেট খাবলৈ নিদিব৷ লাগিলে তেওঁ আপোনাৰ বন্ধুৱে হওক বা আপোনাৰ বছে হওক নতুবা আপোনাতকৈ ডাঙৰ কোনোবা আপোনাৰ আপোনজনেই হওক৷ যদি আপুনি কাৰোবাৰ বেলেগৰ ঘৰত আছে আৰু তাত বেলেগ কোনোবাই চিগাৰেট খাবলৈ লৈছে তেন্তে আপুনি সেই কোঠাটোৰ পৰা বাহিৰলৈ ওলাই আহক আৰু কোঠাৰ পৰা চিগাৰেটৰ ধোঁৱাৰ গোন্ধ দূৰ নোহোৱালৈকে নোসোমাব৷ চিগাৰেটৰ গোন্ধৰ পৰা দূৰৈত থকাটো অতীৱ প্ৰয়োজনীয় কাৰণ সেই গোন্ধে আপোনাৰ আসক্তি পুনৰ্জাগ্ৰত কৰি তোলাৰ সম্ভাৱনা থাকে৷

আপোনাৰ ঘৰত থকা গোটেই এছট্ৰে বোৰ দলিয়াই দিয়ক যাতে ইবোৰে আপোনাক বিগত দিনবোৰৰ কথা মনত পেলাই দিব নোৱাৰে৷ ময়ো মোৰ ঘৰত থকা এছট্ৰে বোৰ দলিয়াই পেলাইছো৷ মই মোৰ ঘৰত কাকো চিগাৰেট খাবলৈ নিদিও আনকি কোনো লোকে বাহিৰতো চিগাৰেট খাই থাকিলে কেই ফুটমান দূৰতে থাকো৷ এনে কৰাৰ পৰা মই বহুত সুফল পাইছো৷ আৰম্ভণিতে কিছুমানে হাঁহিছিল যদিও লাহে লাহে বুজি পালে৷

আপোনাৰ ধূম্ৰপান নকৰা বন্ধু তথা আত্মীয় সকলৰ পৰা সহযোগ বিচাৰক৷ তেখেতসকলক খোলাখুলিকৈ কওক যে আপুনি ধূম্ৰপান কৰা এৰিছে গতিকে যেন তেখেতসকলে আপোনাক উৎসাহিত কৰে৷ যেন ধৰক আপুনি কোনো দূৰ্বল মুহূৰ্তত চিগাৰেট খাবলৈ বিচাৰিলে যেন আপোনাক বাধা দিয়ে৷ এনেকুৱা কিছুমান সৰুসুৰা কথাই যথেষ্ট সহায় কৰে৷

অকণমান নিজৰ ঢোলটো নিজেই পিটি দিয়ক, যে আপুনি ধূম্ৰপান ত্যাগ কৰাত সফল হৈছে৷ ই আপোনাৰ ইচ্ছাশক্তি বঢ়োৱাৰ লগতে অইন দুজনমান ইচ্ছুক লোককো আকৰ্ষিত কৰিব৷

শেষত, প্ৰতি নিশা শুবলৈ যাওতে ভগবানক প্ৰাৰ্থনা কৰক যাতে আপোনাৰ ইচ্ছাশক্তি দুগুণে বৃদ্ধি পায় আৰু যাতে কোনো দূৰ্বল মুহূৰ্তত আপুনি পুনৰাই ধূম্ৰপান আৰম্ভ নকৰে৷

মতামতসমূহঃ

comments powered by Disqus