স্বস্তিকা- কোনো ভাল কামৰ আৰম্ভণি




মৃদুল কুমাৰ শৰ্মাৰ ব্লগ

কেইটামান ক্ষুদ্ৰ অনুভৱ

 

সৰুতে চাৰ্কাচ চাওতে ভাবিছিলো যে চাৰ্কাচৰ জিমনাস্ত সকলক অলিম্পিক বা এছিয়ান গেমছলৈ পঠিয়ালে নিশ্চয় এটা দুটা পদক বুটলিব পাৰিব৷

০৩.০৮.১২

★★★★

কিছুমান আলোচনীয়ে একোটা নতুন কথা বা একোটা নতুন ধাৰাৰ সৃষ্টি কৰে৷ সৰুতে মৌচাক পঢ়ি “জন্মদিনত গছপুলি” ৰোৱা কৰিছিলো দাদা, বাইদেউ আৰু মই৷ আমাৰ লগৰ বহুতে কৰিছিল৷ মৌচাকৰ শলাগ লব লাগিব এই ভাল কথাটি সৰুতে আমাৰ মনত সুমুৱাই দিয়াৰ বাবে৷

বিস্ময় আলোচনী খনে আৰম্ভ কৰিছিল “এক মিনিটৰ গল্প” যিটো শিতান বহুত জনপ্ৰিয় হৈছিল আৰু পিছত বেলেগ আলোচনী কিছুমানেও এই শিতানটি আৰম্ভ কৰিলে৷ এক অনবদ্য ধাৰা৷

০৮.০৮.১২

★★★★

মই যিদিনা অসমৰ শিক্ষামন্ত্ৰী হম (কাল্পনিক আশা) দুটা কথা বাধ্যতামূলক কৰি দিম হাইস্কুলত-

১. ব্যৱহাৰিক টাইপ ৰাইটিঙ শিক্ষা

২. সুৰক্ষিত গাড়ী চালনা আৰু পথ সুৰক্ষা৷

০৯.০৮.১২

★★★★

কল্পনা কৰক – বাহিৰত কিনকিনীয়া বৰষুণ৷ আজি অফিচ, স্কুল বন্ধ আৰু কাইলৈকো বন্ধ৷ এনে বতৰত কি কৰিবলৈ ভাল পাব বাৰু?

১) ফস্তি মাৰি লেপ উৰি শুই থাকিম৷

২) পপকৰ্ন বা জালমুৰি খাই ভাল চিনেমা এখন চাম৷

৩) বিছনাত শুই শুই দস্যু ভাস্কৰ পঢ়িম৷

মই তিনি নম্বৰটো কৰো৷ ফেহু, ফিঙা, বোন্দা, ৰিয়াজ আৰু ভাস্কৰৰ লগত কাল্পনিক অভিযানত ওলাও!

১১.০৯.১২

★★★★

তলত দিয়া কাম কেইটা কোনে কোনে জীৱনত কমেও এবাৰ হ’লেও কৰি পাইছে বাৰু –

১) কলপাতত অ আ ক খ লিখা৷

২) অমিতাৰ পাতৰ ফোঁপোলা ঠাৰি চাঁচি ভিতৰত জোনাকী পৰুৱা ভৰাই ঠিলা মাৰি টিউব লাইট সজা৷

৩) কাতি বিহুৰ দিনা বাৰীত দিয়া থগিখনৰ চাকি গছি নুমাই দি, চাকি নুমাল ঔ বুলি ভগাই খোৱা৷

১৫.০৯.১২

★★★★

~~~ক্ৰন্দন~~~

Cry - হুৰাওৰাও কন্দা।

মাক “অ’ মোৰ বাছা তই আমাক এৰি ক’ত গুচি গ’লি“

Weep – উচুপি উচুপি কন্দা।

পত্নী “বাৰ্থদে’ত হীৰাৰ আঙুঠি দিম বুলি কৈছিলা আৰু এতিয়া সুদামুখখন লৈ আহিছা, নাহিবা মোৰ কাষলৈ“

Sob – ফেঁকুৰি ফেঁকুৰি কন্দা।

কেচুঁৱা “ মোৰ এৰি থৈ কিয় থিনেমা থাব গৈছিলা বেয়া পাইথো“

০৬.১১.১২

★★★★

খালী পেটত আৰু প্ৰচণ্ড খঙত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা উচিত নহয়।

১২.১২.১২



০৩.১০.১২

মতামতসমূহঃ

comments powered by Disqus